ডিজিটেল সংবাদ, যোৰহাট: দৈনন্দিন জীৱনৰ ভিন ভিন কামত আমি পানী ব্যৱহাৰত মিতব্যয়ী হোৱা প্ৰয়োজন। ঘৰৰ নিত্য প্ৰয়োজনীয় কামৰ পৰা পথাৰৰ পৰম্পৰাগত জলসিঞ্চন তথা উদ্যোগিক ব্যৱহাৰলৈকে এই সকলো দিশতে আমি পানী ব্যৱহাৰত মিতব্যয়ী হ'ব লাগিব। আমাৰ পানী অপচয়ৰ পৰিণতিত ভূগৰ্ভৰ জলস্তৰ যাতে হ্ৰাস নহয় তাৰবাবে আমি সজাগ সচেতন হ'ব লাগিব।
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বভাৰতীয় সমন্বিত জলসিঞ্চিত পানী যোগান গৱেষণা প্ৰকল্পৰ উদ্যোগত আয়োজিত বিশ্ব জল দিৱসৰ অনুষ্ঠানত এই মত ব্যক্ত কৰে জল ব্যৱস্থাপনা বিভাগৰ প্ৰধান বিজ্ঞানী ড: বিপুল ডেকাই । গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰত আয়োজিত অনুষ্ঠানত ভাষণ দি ড: ডেকাই লগতে কয় যে, পানী ব্যৱহাৰত যদি আমি এতিয়াই সচেতন নহওঁ তেনেহলে আমাৰ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে কোৱাৰ নিচিনাকৈ " এদিন এনেকুৱা দিন আহিব যে মানুহে বিচাৰি চলাথ কৰিলেও ক'তো নোলাব পানী - ওলাব মাথোঁ চকুৰ পানী"।
এসময়ত আমাৰ আজোককাহঁতে পানী দেখিছিল নৈ, জান-জুৰিবোৰত, ককাহঁতে দেখিছিল বিল-পুখুৰীত আৰু দেউতাহঁতে পানী দেখিছিল কুঁৱা বা নাদত। আমি পানী দেখিছিলো দমকলৰ মুখত আৰু আমাৰ সতি-সন্ততিসকলে পানী দেখিছে পাইপৰ টেপত। তাৰ পিচৰ চামে পানী দেখিবলৈ ধৰিছে প্লাষ্টিকৰ বটলত আৰু হয়তো পিচৰ বংশধৰসকলে পানী দেখিব টেবলেটৰ ৰূপত। গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত দিৱসৰ কাৰ্যসূচীৰ আদৰণি ভাষণ আগবঢ়ায় গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড: ভৱেশ চন্দ্ৰ ডেকাই।
বিশ্ব জল দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে সৰ্বভাৰতীয় সমন্বিত জলসিঞ্চিত পানী যোগান গৱেষণা প্ৰকল্পৰ মুখ্য বিজ্ঞানী ড: চিন্ময় কুমাৰ শৰ্মাই । অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে কম পানী ব্যৱহাৰ কৰি কৃষিকাৰ্য কৰা সম্পৰ্কীয় " সুক্ষ্ম জলসিঞ্চন " শীৰ্ষক নাটক পৰিবেশন কৰে। প্ৰগতিশীল কৃষক তৰুণ বৰবৰুৱা আৰু গণেশ ঘাটোৱাৰে বক্তব্য আগবঢ়োৱা অনুষ্ঠানত ৪ গৰাকী কৃষকক "ৱাটাৰ পাম্প " বিতৰণ কৰা হয়। বিপাশা বৰকটকীয়ে আঁত ধৰা আৰু পল্লবী শইকীয়াই শলাগ জ্ঞাপন কৰা অনুষ্ঠানটোত পানীৰ সৈতে জড়িত গীতৰ আধাৰত নৃত্য পৰিবেশন কৰা হয়।