ডিজিটেল ডেস্কঃ হাৱালাৰ ধন আত্মসাৎ কৰি গ্রেপ্তাৰ আৰক্ষী-সাংবাদিক। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হয় ভৰলু থানাৰ SI মোবাৰক আলী আৰু টফিকউদ্দিন নামৰ এজন সাংবাদিক। এটা ব্যক্তিগতখণ্ডৰ সংবাদমাধ্য়মত কৰ্মৰত সাংবাদিক আছিল টফিকউদ্দিন।
লগতে আন এজন লোকক গ্রেপ্তাৰ কৰিছে ভৰলু আৰক্ষীয়ে। নৱেম্বৰ মাহত আৰক্ষীয়ে অভিযান চলাইছিল হাৱালাৰ বিৰুদ্ধে। ইতিমধ্যে তিনিওৰে পৰা ২৫ লাখ টকা জব্দ কৰিছে আৰক্ষীয়ে।
আনহাতে হাৱালা চক্রটোৰ পৰা জব্দ ১ কোটি ৬৯ লাখ ৭০ হাজাৰ টকা। ৰাজস্থানৰ দুজন লোকৰ পৰা জব্দ হৈছিল ধনখিনি। দুয়োজন আছিল হাৱালা চক্রৰ সদস্য। আঠগাঁৱৰ ভাৰাঘৰৰ পৰা জব্দ হৈছিল নগদ কোটি টকা।
অভিযানকালতে আৰক্ষী আৰু সাংবাদিকে মিলি আত্মসাৎ কৰিছিল ধনখিনি। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।