প্ৰসংগ- কাজলগাওঁ জেএচবি অসামৰিক চিকিৎসালয়: চাকৰিৰ পৰা নিলম্বন দুই চিকিৎসক আৰু নাৰ্চক...

সংবাদ মাধ্যমৰ সম্প্ৰচাৰ হোৱাৰ পিছত ঘটনাৰ সৈতে জড়িত দুই চিকিৎসক আৰু নাৰ্চ গৰাকীক চাকৰিৰ পৰা নিলম্বন জিলা স্বাস্থ্য বিভাগৰ...

author-image
Asomiya Pratidin
New Update
প্ৰসংগ- কাজলগাওঁ জেএচবি অসামৰিক চিকিৎসালয়: চাকৰিৰ পৰা নিলম্বন দুই চিকিৎসক আৰু নাৰ্চক...

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ কাজলগাওঁস্থিত জেএচবি অসামৰিক চিকিৎসালয়ত নিশা কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্চৰ মদ্যপান কৰাৰ ঘটনা সংবাদ মাধ্যমৰ সম্প্ৰচাৰ হোৱাৰ পিছত সভ্য সমাজত লজ্জানত কৰা ঘটনাৰ সৈতে জড়িত দুই চিকিৎসক আৰু নাৰ্চক গৰাকীক চাকৰিৰ পৰা নিলম্বন কৰা হয়। নিলম্বিত হোৱা চিকিৎসক দুজন ক্ৰমে স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ দ্বীপেন কলিতা, ৰেডিঅ'লজিষ্ট ডাঃ খ্ৰীষ্টান ব্লেচিং আৰু নাৰ্চ নিধি ৰাণী পাল । এই কথা সোমবাৰে কাজলগাঁৱৰ জেএচবি চিকিৎসালয়ত এক জৰুৰীসভা অনুষ্ঠিত কৰি সংবাদ মাধ্যমৰ আগত সদৰি কৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ ৰেহেনা বেগমে ।

দৰাচলতে বিতৰ্কই লগ নেৰা হৈছে চিৰাং জিলাৰ কাজলগাঁৱৰ এই জেএচবি অসামৰিক চিকিৎসালয়খনক। কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্চৰ কু-কৃতিৰ কাহিনী সংবাদ মাধ্যম যোগে পোহৰলৈ অহাৰ পিছত সোমবাৰে চিকিৎসালয়ত স্থানীয় বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্য, জিলা প্ৰশাসনৰ বৰমূৰীয়াসকল ভীৰ কৰা পৰিলক্ষিত হৈছে। চিৰাঙৰ কাজলগাঁওস্থিত জেএচবি অসামৰিক চিকিৎসালয়ত শণিবাৰে নিশা কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্চৰ মদৰ পাৰ্টি কৰি থকা অৱস্থাত ৰোগীৰ আত্মীয়ই হাতেলোটে ধৰা পেলোৱাৰ বাতৰি দেওবাৰে সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছত পৰিস্থিতিৰ বুজ ল'বলৈ সোমবাৰে চিকিৎসালয়ৰ চৌহদত উপস্থিত হয় চিদলী সমষ্টিৰ বিধায়ক তথা জেএচবি অসামৰিক চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী লগতে জিলা প্ৰশাসনৰ বৰমূৰীয়াসকল ।

পুৱাৰ পৰা চিকিৎসালয়ৰ এই লজ্জাজনক ঘটনাক লৈ ঘনে ঘনে বৈঠক অনুষ্ঠিত হয় চিকিৎসালয়খনত। দেওবাৰৰ দিনটোত উক্ত মদ্যপান ঘটনাৰ সৈতে এগৰাকী চিকিৎসক আৰু নাৰ্চৰ নাম পোহৰলৈ আহিছিল কিন্তু সোমবাৰৰ দিনটোত উক্ত নিশাৰ মদ্যপান আৰু পাৰ্টিত আন এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসক উপস্থিত থকাৰ তথ্য পোহৰলৈ আহে। কৰ্তব্যৰত অৱস্থাত মদৰ পাৰ্টিত ডাঃ খ্ৰীষ্টান ব্লেচিং, নাৰ্চ নিধী ৰাণী পালৰ উপৰি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ দ্বীপেন কলিতাও উপস্থিত আছিল । জিলা স্বাস্থ্য বিভাগৰ প্ৰাথমিক অনুসন্ধানত এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে যে, শণিবাৰৰ নিশা জেএচবি চিকিৎসালয়ত নিশা ডাঃ খ্ৰীষ্টান ব্লেচিঙৰ বাদে স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ দ্বীপেন কলিতা আৰু নাৰ্চ নিধী ৰাণী পালৰ ডিউটি নাছিল ।

অথচ নিশা এক বজাত চিকিৎসকৰ জিৰণী কোঠালীৰ ভিতৰৰ পৰা বন্ধ কোঠালীৰ একেখন বিচনাত শুই থকা অৱস্থাত ডাঃ খ্ৰীষ্টান ব্লেচিং আৰু নাৰ্চ নিধী ৰাণী পালক ৰোগীৰ আত্মীয়ই প্ৰত্যক্ষ কৰিছিল আৰু তাৰ কিছু সময় পূৰ্বে উক্ত কোঠালীৰ পৰা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ দ্বীপেন কলিতা ওলাই যোৱা বুলি প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে বুলি বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

আনহাতে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, চিকিৎসালয়খনত এনেধৰণৰ অসামাজিক কাৰ্যকলাপ ইয়াৰ পূৰ্বেও সংঘটিত হৈ আহিছে বুলি সন্দেহ প্ৰকাশ কৰে ৰঞ্জিত বসুমতাৰীয়ে । এই লজ্জাজনক ঘটনাৰ সৈতে জড়িত চিকিৎসক বা নাৰ্চ কোনো এজনক ৰেহাই দিয়া নহ'ব বুলিও মন্তব্য কৰে । ইপিনে চিকিৎসালয়ৰ লজ্জাজনক ঘটনাৰ খবৰ লাভ কৰি চিদলী সমষ্টিৰ বিধায়ক তথা জেএচবি অসামৰিক চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত বসুমতাৰী জেএচবি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী, বিটিচিৰ প্ৰশাসনৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ উমেশ ফাংছুই, জিলা স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালিকা ডাঃ ৰেহেণা বেগম আৰু জেএচবি অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষৰ সৈতে বৈঠকত মিলিত হয় আৰু উক্ত বৈঠকত ঘটনাৰ সৈতে জড়িত দুজন চিকিৎসক আৰু নাৰ্চ গৰাকীক তাৎক্ষনিক ভাৱে নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

তাৰ পিছত বিধায়ক জয়ন্ত বসুমতাৰীয়ে কয় যে, জিলা খনৰ একমাত্ৰ এই অসামৰিক চিকিৎসালয়খনত এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱন মৃত্যুৰ প্ৰশ্ন জড়িত হৈ আছে । তেনেক্ষেত্ৰত কৰ্তব্যৰত চিকিৎসক সকলক ভগৱানৰ অন্য এক ৰূপ বুলি যি কোৱা হয় সেই চিকিৎসক সকলে বড়োলেণ্ড আন্দোলনৰ স্মৃতি জড়িত এই জেএচবি অসামৰিক চিকিৎসালয়ৰ ভিতৰত মাজনিশা মদ, ভাং খাই পাৰ্টি কৰাক এক জঘন্য ঘটনা বুলি আখ্যা দিয়ে । এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে আৰু এইক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ'ব বুলি সদৰি বিধায়ক জয়ন্ত বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।

Also Read: বিহাৰৰ কৃষাণগঞ্জ ৰে'লৱে ষ্টেচনত গহপুৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু...

health and family welfare