ডিজিটেল সংবাদ, জোনাই : জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰাৰ লগতে 'অৰণ্যৰ সুবাস বুটলি' শীৰ্ষক মননশীল অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰথমতে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ ডেৰকুৰি কৰ্মীয়ে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল বন খণ্ডৰ পৰা চিয়াং নদীৰ পাৰে পাৰে গৈ ৫ মাইল হৈ বৰ্ষাৰণ্য পবা বনাঞ্চলৰ আভ্যন্তৰলৈ প্ৰৱেশ কৰি ট্ৰেকিং কৰে।
এই সময়ত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে চৰাই-চিৰিকটি আৰু বন্যপ্ৰাণী পৰ্যবেক্ষণ কৰে। বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ এই ট্ৰেকিং কাৰ্যসূচী পৰিচালনা কৰে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ উপদেষ্টা তথা বিশিষ্ট প্ৰকৃতিকৰ্মী তোষেশ্বৰ আগৰৱালা আৰু ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগুৱে।
ইপিনে ট্ৰেকিঙৰ পৰা ওলাই অহাৰ পিছত বিয়লি তিনিমাইল বন খণ্ডত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা তোষেশ্বৰ আগৰৱালাৰ সভাপতিত্বত 'অৰণ্যৰ সুবাস বুটলি' শীৰ্ষক মননশীল আলোচনা অনুষ্ঠিত কৰা হয়। এই অন্তৰংগ আলোচনাত ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগুৱে খিলঞ্জীয়া জাতি-জনগোষ্ঠী আৰু অৰণ্যৰ মাজত আজন্ম সম্পৰ্ক আছে বুলি উল্লেখ কৰে।
লগতে পেগুৱে কয়- জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ এই কাৰ্যসূচীয়ে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী জনমত গঠন কৰিব। তদুপৰি পেগুৱে যোৱা ৩০ আগষ্টত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৱে শতিকা গৰকা বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ বাবে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য স্বীকৃতি প্ৰদান কৰিব বুলি ঘোষণা কৰাক আদৰণি জনাই শীঘ্ৰে পবাক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ অধিসূচনা প্ৰকাশ কৰিবলৈ দাবী জনায়।
আনহাতে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ দলেয়ে বক্তব্য প্ৰদান কৰি বৰ্ষাৰণ্য পবাক বন্যপ্ৰাণী অভয়াৰণ্য লৈ উন্নীত কৰি সুৰক্ষাৰ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিলেহে ইয়াৰ জীৱ-বৈচিত্ৰ্য সুৰক্ষিত হ'ব বুলি মন্তব্য কৰে। অনুষ্ঠানত অতুল বৰগোহাঁয়ে মুখেৰে বিভিন্ন চৰাইৰ মাত ওলাই উপস্থিতসকলক অনাবিল আনন্দ দিয়ে। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ মিলিয়ে মননশীল বক্তব্য প্ৰদান কৰাৰ লগতে গীত পৰিৱেশন কৰি উপস্থিতসকলক আমোদ যোগায়।
অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ গগৈ, পৱন কুমাৰ সন্দিকৈ, অতুল বৰগোহাঁই, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ বৰি, পলাশ মেদক, সত্য হাজৰিকা আদিয়েও অন্তৰংগ আলাপত অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।
Also Read: সোণাপুৰত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ গুলীত প্ৰাণ গ'ল দুজনৰ...