ডিজিটেল ডেস্ক : আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত অব্যাহত আছে চি বি আইৰ তদন্ত। নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ মঙ্গলবাৰে বিয়লি প্ৰায় ৩-৩০ বজাত গহপুৰ মহকুমাৰ অন্তৰ্গত ডুবিয়াত উপস্থিত হয় চি বি আইৰ দল। জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত চলাই থকা চিবিআইৰ ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বত চিবিআইৰ তদন্তকাৰী দলটো নগাঁৱৰ পৰা লখিমপুৰলৈ যোৱাৰ পথত ডুবিয়াৰ এখন হোটেলত জোনমণি ৰাভাই চাহ খোৱাৰ তথ্য লাভ কৰি সেই সন্দৰ্ভত কেইবাজনো দোকানীৰ লগত কথা পাতি তথ্য সংগ্ৰহ কৰে।
জানিব পৰা মতে, নকল সোণ আৰু জাল নোটৰ সম্পৰ্কত মৰিকলং আৰক্ষী চকীত ৰুজু হোৱা এটা গোচৰৰ সংক্ৰান্তত বিগত ০৬ মে'ৰ নিশা আচামী ধৰিবলৈ লখিমপুৰৰ বঙালমৰালৈ গৈছিল জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দল। উক্ত দিনা নিশা ডুবিয়াৰ এখন চাহ হোটেলত গ্ৰাহক হিচাপে চাহ খাইছিল জোনমণি ৰাভাই। হোটেলখনত জোমমণিয়ে চাহ খোৱাৰ তথ্য চিবিআইৰ ডিআইজি লাভলী কাটিয়াৰে লাভ কৰাৰ পিছত হোটেলখনৰ স্বস্তাধিকাৰী পৰা কিছু তথ্য সংগ্ৰহ কৰে। তদুপৰি দলটোৱে কাষৰীয়া আন দুই-এক ব্যৱসায়ীৰ পৰাও কিছু তথ্য সংগ্ৰহ কৰাৰ প্ৰয়াস কৰে।
ইয়াৰ পাছতে নাওবৈচাৰ আমিনা খাতুনৰ ঘৰতো উপস্থিত হয় চি বি আইৰ দলটো। আমিনাই জোনমণি ৰাভাৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত গোচৰ তৰিছিল, সেই সূত্ৰে আমিনাৰ ঘৰত উপস্থিত হৈ সোধ-পোছ কৰে দলটিয়ে।
Also Read: বাক্সাৰ দীঘেলীৰ ৰাইজে দোহাৰিলে সাম্প্ৰতিক সময়ত বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা...