ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ জুৰীয়াত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ এটি দুটি নহয়, চাৰিটিকৈ শিশুৰ সলিল সমাধি ৷ সলিল সমাধি ঘটা শিশু কেইটিৰ নাম হৈছে ৰহিমা খাতুন (১২), নুৰ নেছা (১৫), আৰচিনা খাতুন(১০) আৰু ইমৰানা খাতুন (৬) ৷ চাৰিগৰাকীক কন্যা শিশুৰ এই শোঁকাৱহ মৃত্যুয়ে শোঁকৰ ছাঁ পেলাইছে জুৰীয়া অঞ্চলত ৷
ঘটনাটো সংঘটিত হৈছে জুৰীয়া সূঁতিৰপাৰত ৷ এটা পুখুৰীত দুপৰীয়া পাঁচজনী কন্যা শিশুয়ে গা ধুই থাকোতে শোঁকাৱহ ঘটনাটো সংঘটিত হয় ৷ দুগৰাকী শিশু পুখুৰীটোৰ দ স্থানত ডুব যোৱাত আন দুগৰাকীয়ে উদ্ধাৰ কৰিবলৈ সাতুৰি আগবাঢ়ি যোৱাত চাৰিও গৰাকী কন্যা পানীত ডুব যায় ৷
পিছত স্থানীয় লোকে চাৰিওগৰাকী কন্যাক পানীৰ তলৰ পৰা উদ্ধাৰ কৰে যদিও এগৰাকী শিশুৰো প্ৰাণ ৰক্ষা নপৰিল ৷ জানিব পৰা মতে পুখুৰীটো স্থানীয় বাপী মণ্ডল নামৰ এজন লোকৰ ৷