নেমু খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৃষকৰ

কাজি নেমুক জাতীয় ফল হিচাবে ঘোষণা কৰা কৃষি মন্ত্ৰীক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন৷
নেমু খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৃষকৰ
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ কৃষক ৰাইজে নেমু খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে যদিও বজাৰৰ অভাৱৰ লগতে উচিৎ মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে কৃষক ৰাইজ৷ কিন্তু শেহতীয়াকৈ সদনৰ মজিয়াত কৃষিমন্ত্ৰী অতুল বৰাই কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদানৰ কথা ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে জামুগুৰিহাটৰ এইসকল কৃষক ৰাইজ ।

কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰা কৃষিমন্ত্ৰী গৰাকীক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰি কৃষক ৰাইজে এই নেমুৰ উপযুক্ত বজাৰ সৃষ্টি কৰি কৃষকক উচিৎ মূল্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈকো দাবী জনাইছে ।

উল্লেখ যোগ্য যে জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ আজাৰগুৰি, বৰদিকৰাই, মৰিসুতি, বালিজুৰি আদিকে ধৰি বিভিন্ন ঠাইত প্ৰচুৰ পৰিমানে বিভিন্ন প্ৰজাতিৰ নেমু উৎপাদন কৰা হয় আৰু ইয়াৰ ভিতৰত গৰিষ্ঠ সংখ্যকেই কাজি নেমু৷ এই কাজি নেমুসমূহৰ ভিতৰত গুটি নাথাকে বুলি জনাইছে কৃষকে৷ আঞ্চলটোৰ বহু সংখ্যক কৃষক ৰাইজে দীৰ্ঘদিন ধৰি দুই , তিনি বিঘা কৈ মাটিৰ নেমু খেতিতেই আত্মনিয়োগ কৰি পৰিয়াল ভৰণ পোষন প্ৰচেষ্টা অব্যাহত ৰাখিছ যদিও বজাৰৰ অভাৱত উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে কৃষকসকল৷ চৰকাৰৰ কৃষি বিভাগে এই ক্ষেত্ৰত আৰু অধিক গুৰুত্ব প্ৰদান কৰি কাজি নেমুৰ এখন বৃহৎ বজাৰ সৃষ্টি কৰিব পাৰিলেহে কৃষক ৰাইজ নিশ্চিত ভাৱেই উপকৃত হ'ব বুলি ধাৰণা কৰিব পাৰি ।

নেমু খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৃষকৰ
নুমলীগড়ত পশু-পালক কাজিৰাম ছেত্ৰীৰ শ্বেত বিপ্লৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in