ডিজিটেল ডেস্কঃ আজি কলী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী। পোহৰৰ এই উৎসৱ উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ব্যাপক উৎসাহ উদ্দিপনা পৰিলক্ষিত হৈছে। ৰাজ্যৰ সৰ্বস্তৰতে পোহৰৰ উৎসৱৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰে বজাৰ ভৰি পৰিছে। গুৱাহাটী মহানগৰীৰ উপৰিও আন আন প্ৰান্ততো বিক্রেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে।
মহানগৰীৰ বাট-পথসমূহো আলোকমালাৰে সজ্জিত কৰি তোলা হৈছে। মৃৎশিল্পীসকলে প্ৰস্তুত কৰা মাটিৰ চাকিৰেও বজাৰসমূহ ভৰি পৰিছে। ইয়াৰ লগতে বিভিন্ন বিজুলী বাতি তথা অন্যান্য প্রয়োজনীয় পূজাৰ উপকৰণ আৰু সা-সামগ্ৰীৰে দোকানসমূহ সজাই তোলা হৈছে। মহানগৰীৰ সুবিশাল অট্টালিকা, বাসগৃহ, ব্যৱসায়ীক প্ৰতিষ্ঠান, অফিচ-কাছাৰী আদিও আটক ধুনীয়াকৈ আলোকমালাৰে সজ্জিত কৰা হৈছে। সমান্তৰালকৈ কালী পূজাৰ বাবে মন্দিৰসমূহত ব্যাপক প্রস্তুতি চলা পৰিলক্ষিত হৈছে।
ইপিনে, প্রদূষণ নিয়ন্ত্রণ বোর্ডে সকলোকে সেউজ দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছে। দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত ৰাজহুৱা শান্তি-শৃংখলা, সুৰক্ষা তথা শব্দ প্ৰদূষণ ৰোধ কৰাৰ স্বাৰ্থত আৰু দেশৰ উচ্চতম ন্যায়ালয়ৰ আৰু পৰিৱেশ সুৰক্ষা নিয়ম ১৯৮৬ৰ প্ৰতি সন্মান জনাই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ সংশ্লিষ্ট ধাৰাৰ অধীনত দীপাৱলীৰ দিনা নিশা ১০ বজালৈ আৰু ষট পূজাৰ দিনা পুৱা ৬ বজাৰ পৰা ১০ বজালৈকে নাগৰিকক ফটকা ফুটাবৰ বাবে সময় নিৰ্ধাৰণ কৰি দিছে।
এই সেউজ দীপাৱলী উদযাপনৰ উদ্দেশ্য হ’ল মাটিৰ চাকিৰ ব্যৱহাৰ তথা শব্দ আৰু বায়ু প্ৰদূষণবিহীনভাৱে দীপাৱলী পালন কৰা।
Also Read: ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ হাওৰাঘাটৰ ছাত্ৰ সূৰ্য শইকীয়াৰ...