কলিয়াবৰৰ সু সন্তান, বিজ্ঞানী ডঃ গকুল গোস্বামীৰ বিয়োগ...

কলিয়াবৰৰ সু সন্তান, বিজ্ঞানী ডঃ গকুল গোস্বামীৰ বিয়োগ...

author-image
Asomiya Pratidin
New Update
কলিয়াবৰৰ সু সন্তান, বিজ্ঞানী ডঃ গকুল গোস্বামীৰ বিয়োগ...

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ ঐতিহ্য মণ্ডিত ভলা গুৰি সত্ৰৰ সু-সন্তান, বিজ্ঞানী (Geolgist and World Chemist) তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃগকুল গোস্বামী দেওবাৰে নিশা প্ৰায় ১০ বজাত বাঙ্গালোৰৰ নিজা বাসভৱনত ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।

ডঃগকুল গোস্বামী আছিল কলিয়াবৰৰ প্ৰথমজন ডক্টৰেট উপাধি পোৱা ব্যক্তি(Phd.Mineral chemistry from Glasgow University U. K. 1968) । উল্লেখযোগ্য যে ডঃগকুল গোস্বামী য়েই কলিয়াবৰৰ উচ্চ শিক্ষাৰ অনুস্থান কলিয়াবৰ মহাবিদ্যালয়ৰ আধাৰশিলা প্ৰদান কৰিছিল ৷

১৯৬৩ চনৰপৰা ১৯৬৫ চনলৈকে আৰ্য্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰা গোস্বামীয়ে ১৯৬৯ চনৰপৰা ১৯৭০ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয় ৰ অধ্যাপক আছিল। ১৯৭০ চনৰপৰা ১৯৭৪ চনলৈকে ভাৰত চৰকাৰৰ Geological survey of India ৰ Mineral Physics Division ত বিজ্ঞানী হিচাবে কৰ্মৰত আছিল।

১৯৭৪ চনৰপৰা ১৯৯৯ চনলৈকে উৰিষ্যাৰ "ডালমিয়া ইনষ্টিটিউট অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ চেণ্টাৰ প্ৰিঞ্চিপাল চাইন্টিছট হিচাবে কাম কৰি অৱসৰ লয়। বিজ্ঞানী হিচাবে তেখেতৰ অৱদান উল্লেখযোগ্য আছিল ৷ সুদীর্ঘ জীৱনকালত তেখেতে ৯৩ খন ৰিচাৰ্চ পেপাৰ লিখি উলিয়াই প্ৰকাশ কৰিছিল।

তেখেতৰ তত্বাবধানত গৱেষণা কৰি চিমেন্টৰ ওপৰত ২জনে আৰু ৰিফেক্টৰীজ ব্ৰিক্সৰ ওপৰত এজনে ডক্টৰেট ডিগ্রী পাইছিল । শিক্ষা ৰ ক্ষেত্রত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্রম ৰ বাবে Mineralogy (Bsc.) আৰু Geology (Pu) দুখন কিতাপ লিখি উলিয়াইছিল।

ইয়াৰ উপৰিও তেখেত ১৯৯৪ চনত ভাৰতৰ চি মেন্ট উদ্যোগৰ এডিটৰিয়েল বৰ্ডৰ মেম্বাৰ আছিল। লগতে ইণ্ডিয়ান থাৰ্মেল এনালাইসিস চ'চাইটি আৰু অসম বিজ্ঞান সমিতিৰো মেম্বাৰ আছিল। তেখেতৰ বিয়োগত মন্ত্ৰী কেশৱ মহন্ত,কলিয়াবৰ প্ৰেছ ক্লাৱ,কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা,প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুনীন হাজৰিকা প্ৰমুখ্য বিভিন্ন ব্যক্তি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷

কলিয়াবৰ