শিলঘাটত আঘাতপ্ৰাপ্ত এটা গঁড়কলৈ চিন্তিত বন বিভাগ

কলিয়াবৰৰ শিলঘাটত এটা আঘাত প্ৰাপ্ত গঁড়ৰ বিচৰণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে

author-image
Asomiya Pratidin
New Update
শিলঘাটত আঘাতপ্ৰাপ্ত এটা গঁড়কলৈ চিন্তিত  বন বিভাগ

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ শিলঘাটত এটা আঘাত প্ৰাপ্ত গঁড়ৰ বিচৰণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। প্ৰায় দুমাহ পূৰ্বৰ পৰাই কাজিৰঙাৰ পৰা খাদ‍্যৰ সন্ধানত ওলাই আহি গঁড়টোৱে শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ সমীপৰ কলিয়াবৰ চাহবাগিচাৰ এলেকাত বিচৰণ কৰি আছিল । প্ৰায় ২০ দিন পূৰ্বে শিলঘাটত এজন চাইকেল আৰোহীকো আক্ৰমণ কৰি আহত কৰিছিল উক্ত গঁড়টোৱে।

কিন্তু এতিয়া গঁড়টো নিজেই আঘাতপ্ৰাপ্ত হৈছে । গঁড়টোৱে কেনেকৈ আঘাত পালে সেয়া নিশ্চিত হোৱা নাই যদিও আঘাত যথেষ্ট গুৰুতৰ হৈ পৰিছে বুলি জানিব পৰা গৈছে। স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি গঁড়টো লাহে লাহে দুৰ্বল হৈ পৰিছে । আঘাতৰ ঠাইৰ পৰা অহৰহ ৰক্ত নিগৰণ থকা বুলি জানিবলৈ দিছে স্থানীয় লোকে । উল্লেখ্য যে, কিছুদিন পূৰ্বে গঁড়টো কাজিৰঙালৈ খেদাৰ ব‍্যৱস্থা কৰিও বিফল হৈছিল বন বিভাগ ।

ইফালে মঙ্গলবাৰে সংবাদ মাধ্যমৰ বাতৰিৰ পাছতে শিলঘাটৰ আঘাতপ্ৰাপ্ত গঁড়ৰ কাষত উপস্থিত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বন বিভাগৰ এটা দল । স্থানীয় শিলঘাটৰ বন বিভাগৰ সহযোগত গঁড়টো থকা ঠাইত এটা খাল খান্দি পানী দিয়াৰ ব‍্যৱস্থা কৰিছে বন বিভাগে । যিহেতু গঁড়টো কিছু দুৰ্বল হৈ পৰিছে গতিকে প্ৰথম অৱস্থাত প্ৰকৃতগত ভাৱে আৰোগ্য হব বুলি আশা কৰিছে বিভাগীয় মহলে।

যদিহে আৰোগ্য নহয় পৰবৰ্তী সময়ত পশু চিকিৎসকৰ পৰামৰ্শ মতে ট্ৰেংকুলাইজ কৰি চিকিৎসা কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰিব বুলি জানিবলৈ দিছে বন বিষয়াই । ইপিনে স্থানীয় লোকে অতি সোনকালেই গঁড়টোৰ চিকিৎসাৰ ব‍্যৱস্থা কৰিবলৈ বন বিভাগ দাবী জনাইছে। অন‍্যথা গঁড়টোৰ মৃত্যু হ'ব পাৰে বুলিও আশংকা কৰিছে লোক সকলে ।

Also Read: দিহা নামেৰে বিশ্ব ৰেকৰ্ডঃ কলিয়াবৰত সমবেত ৭০০ গৰাকী আয়তী

rhino