কলিয়াবৰত চৰকাৰী কাৰ্যালয়ৰ চৌহদত বানপানীৰ সজাগতামূলক বাটৰ নাট পৰিৱেশন...

কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত বানপানী সতৰ্কতা শীৰ্ষক বাটৰ নাট খনিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰে নগাঁও জিলা প্ৰশাসনে

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত চৰকাৰী কাৰ্যালয়ৰ চৌহদত বানপানীৰ সজাগতামূলক বাটৰ নাট পৰিৱেশন...

kaliabor street play

ডিজিটেল সংবাদ, কলিয়াবৰ : বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱসৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত বানপানীৰ দৰে দুৰ্যোগত ল'বলগীয়া সাৱধনতাৰ ওপৰত বাটৰ নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়।

কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত বানপানী সতৰ্কতা শীৰ্ষক বাটৰ নাট খনিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰে নগাঁও জিলা প্ৰশাসনে। বানপানীৰ সময়ত গঞা ৰাইজে ল'বলগা সাৱধানতা সন্দৰ্ভত যি সজাগতাৰ প্ৰয়োজন তেনে সজাগতা বানপানী অধ্যুষিত এলেকাৰ পৰিবৰ্তে চৰকাৰী কাৰ্যালয় চৌহদত বাটৰ নাটখনি প্ৰদৰ্শন কৰা কাৰ্য্যক তীব্ৰ সমালোচনা কৰে স্থানীয় ৰাইজ তথা প্ৰত্যক্ষ দৰ্শীয়ে।

সজাগতা সৃষ্টিৰ নামত নগাঁও জিলা প্ৰশাসনে চৰকাৰী ধন এনেদৰে শৰাধ কৰা কাৰ্যকো ধ্বিকাৰ দিয়ে সচেতন ৰাইজে। কোনো কোনোৱে "চোৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি" বুলিও মুখেৰে আওৰোৱা শুনা গ'ল।

assam kaliabor street play