হাউছিং ব’ৰ্ডৰ ঘৰ দিয়াৰ নামত চি আৰ পি এফ জোৱানৰ পৰা লক্ষাধিক টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত প্ৰবঞ্চক কমল নাথ

হাউছিং ব’ৰ্ডৰ ঘৰ দিয়াৰ নামত চি আৰ পি এফ জোৱানৰ পৰা লক্ষাধিক টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত প্ৰবঞ্চক কমল নাথ
Published on
Updated on

ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁৱৰ কুখ্যাত প্ৰৱঞ্চক কমল নাথক আকৌ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কেতিয়াবা যদি ভুৱা চি বি আই বিষয়া হৈ গ্ৰেপ্তাৰ হৈছে, আকৌ কেতিয়াবা গ্ৰেপ্তাৰ হৈছে ধন দাবীৰ গোচৰত। মুঠৰ ওপৰত ঠগ- প্ৰৱঞ্চনাৰে কেইবাবাৰো অভিযুক্ত হৈছে এইগৰাকী কমল নাথ।

এইবাৰ ধৃত কমল নাথ গ্ৰেপ্তাৰ হৈছে আন এক কাৰণত, সেয়া হৈছে এইগৰাকী প্ৰৱঞ্চক কমলে চি আৰ পি এফ জোৱান প্ৰশান্ত শইকীয়াৰ পৰা লৈছিল কেইবা লাখ টকা। অভিযোগ অনুসৰি হাউচিং ব’ৰ্ডৰ ঘৰ দিয়াৰ নামত জোৱানগৰাকীৰ পৰা ধৃত কমলে বহু পৰিমাণৰ টকা সৰকাইছিল।

ইমানেই নহয়, গুৱাহাটীৰ ভেটাপাৰাত অসম ৰাজ্যিক হাউছিং ব’ৰ্ডৰ গৃহ দিয়াৰ বাবে প্ৰশান্ত শইকীয়াৰ লগতে অন্য কেইবাজনো চি আৰ পি এফ জোৱানৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল ধৃত কমল নাথে। তেঁওৰ এই কাণ্ডৰ পাছতে ৫গৰাকী বিষয়া-জোৱানে প্ৰৱঞ্চনাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি মিকিৰভেটা আৰক্ষী থানাত গোচৰ ৰুজু কৰে।

ভুক্তভোগীৰ ভাষ্য অনুসৰি অসম ৰাজ্যিক হাউছিং ব’ৰ্ডৰ গৃহ দিয়াৰ প্ৰলোভন দি কমলে জোৱান কেইজনৰ পৰা প্ৰায় ৬৭ লাখ টকা লৈছে। চৰকাৰী আৱৰ্তনৰ এখন ভুৱা তালিকা কমলে বিষয়া তথা জোৱান কেইজনক দেখুৱাইছিল।

কিন্ত শেহতীয়াকৈ হাউছিং বৰ্ডৰ গৃহ দেখুৱাই সেই গৃহৰ চাবি সমজি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰে পৰা অন্তৰ্ধ্যান হৈ আছিল কমল নাথ। এশ গৰু মাৰিলে বাঘৰো মৰণৰ লেখিয়াকৈ অৱশেষত কমল নাথক আৰক্ষীয়ে উক্ত অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে।

হাউছিং ব’ৰ্ডৰ ঘৰ দিয়াৰ নামত চি আৰ পি এফ জোৱানৰ পৰা লক্ষাধিক টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত প্ৰবঞ্চক কমল নাথ
গড়গাঁও মহাবিদ্যালয়ত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in