নিশাৰী নৈৰ ৰূদ্ৰমূৰ্তিঃ এঘণ্টা ভিতৰতে বুৰালে কামপুৰৰ তেঁতেলীসৰাকে ধৰি পূৱ অংশ...

নিশাৰী নৈৰ ৰূদ্ৰমূৰ্তিঃ এঘণ্টা ভিতৰতে বুৰালে কামপুৰৰ তেঁতেলীসৰাকে ধৰি পূৱ অংশ...
Published on
Updated on

ডিজিটেল সংবাদ, কামপুৰঃ বানে কালৰূপ ধাৰন কৰিছে কামপুৰত।প্ৰথমে বৰপানী তাৰপিছত কপিলী নৈয়ে সংহাৰ সৃষ্টি কৰাৰ পিছত কালৰূপ ধাৰন কৰিছে কপিলীৰ আনএখন উপনৈ নিশাৰী।

শুকুৰবাৰে বিয়লি নিশাৰী নৈ খনে হঠাৎ ভয়ঙ্কৰ ৰূপ লৈ মাথোন এঘণ্টাৰ ভিতৰত কামপুৰৰ তেঁতেলীসৰা ;নিজকামপুৰ ;নামবৰ লালুংগাঁও ;নিজকঠীয়াতলী আৰু নিজকামপুৰ পঞ্চায়তৰ অদ্ধশতাধিক গাঁও জলমগ্ন কৰি তোলে।

বহুলোকৰ বাসগৃহত পানী সোমোৱাত নিশাই ঘৰৰ সা-সামগ্ৰী লৈ ৰাজপথ অথবা বিদ্যালয় গৃহত আশ্ৰয় লয়। আলৈ আথানি হৈছে পশুধনৰো। এই বানে বহু কৃষকৰ বহুবিঘা মাটিৰ বড়ো ধানৰ লগতে শাক -পাচলী ক্ষতি সাধন কৰে।

বানত ডুব গৈ যাতায়ত ব্যাহত হৈছে কামপুৰ -কঠীয়াতলী পথৰ।আনফালে তেঁতেলীসৰাৰ পৰা বৰ'কলা পথৰ সৎযোগী পথটোৰ কেঁকুৰীবাাৰিত পথটো ভয়াবহ ভাৱে খহনীয় হৃষ্টি কৰাথ ৰাইজ চিন্তুিত হৈ পৰিছে। বহু বিদ্যালয়ত আশ্ৰয় শিৱিৰ লগতে বহু ছাত্ৰ -ছত্ৰী বানৰ কৱলত পৰাৰ বাবে বহু বিদ্যালয় বন্ধ কৰিছে দিছে প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in