কামৰূপত পি এম কিষাণ উৎসৱ দিৱস উদযাপনঃ উপস্থিত মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কামৰূপত পি এম কিষাণ উৎসৱ দিৱস উদযাপনঃ উপস্থিত মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Published on
Updated on

ডিজিটেল সংবাদ,কামৰূপঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে বিয়লি ৫ বজাত বাৰাণসীত পি এম কিষাণ উৎসৱ দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ১৭তম কিস্তি ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি (PM-KISAN) ৰ অধীনত যোগ্য কৃষক পৰিয়ালসমূহলৈ ২০০০ টকাকৈ ৩ টা সমান কিস্তিত বছৰি ৬০০০ টকা আগবঢ়োৱা হয়। এইবাৰ পি এম-কিষাণ আঁচনিৰ অধীনত ১৭ নং কিস্তিত ৰাজ্যখনৰ ৯ কৌটি ২৬ লাখ যোগ্য কৃষক পৰিয়ল লাভান্বিত হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ এক অন্যতম আঁচনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পি এম কিষাণ) হৈছে বিশ্বৰ বৃহৎ প্ৰত্যক্ষ লাভ স্থানান্তৰ আঁচনি। কৃষকৰ বিত্তীয় প্ৰয়োজনীয়তা পূৰণ তথা কৃষি খণ্ডৰ সামগ্ৰিক উৎপাদনশীলতা বৃদ্ধিৰ বাবে ২৪ ফেব্ৰুৱাৰী ২০১৯ ত নীতিগত পদক্ষেপেৰে ভাৰত চৰকাৰে এই আঁচনিখন আৰম্ভ কৰে। উল্লেখ্য যে বৰ্তমানলৈকে এই আঁচনিৰ জৰিয়তে প্ৰাপ্ত কিস্তিৰে কৃষকসকলে কৃষি খণ্ডত প্ৰয়োজনীয় সম্পদ ক্ৰয়ৰ ক্ষেত্ৰত বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হৈছে।

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় কৃষকৰ কল্যাণ আৰু সৱলীকৰণ আৰু ভাৰতৰ বহনক্ষম কৃষি পদ্ধতিৰ বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। পি এম কিষাণ আঁচনিৰ ১৭ তম কিস্তি প্ৰদানে ভাৰতৰ লগতে সমগ্ৰ অসমৰ কৃষি খণ্ডৰ প্ৰসাৰ, কৃষক ৰাইজৰ সবলীকৰণ, আৰু কৃষি খণ্ডৰ বহনক্ষম উন্নয়ন নিশ্চিত কৰাৰ দায়বদ্ধতাক আলোকপাত কৰিব।

আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত তথা কাঁহিকুঁচিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আয়োজিত সভাত কেন্দ্ৰীয় জাহাজ পৰিবহন আৰু বন্দৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গুৱাহাটীৰ নৱনিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধিয়ে অংশগ্ৰহণ কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকা, এই চি এ আৰ আটাৰীৰ সঞ্চালক গোবিন্দস্বামী কাদিৰভেল, অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক সঞ্জয় কুমাৰ চেতিয়া। লগতে জিলাৰ কৃষি বিভাগৰ মহকুমা উন্নয়ন বিষয়াদ্বয় ক্ৰমে জ্যোতিপ্ৰসাদ দাস আৰু মানস প্ৰতিম মহন্তকে প্ৰমূখ্য কৰি অন্যান্য বিষয়াসকলৰ লগতে কৃষকসকলেও অনুষ্ঠানত অংশগ্ৰহণ কৰে।

কামৰূপত পি এম কিষাণ উৎসৱ দিৱস উদযাপনঃ উপস্থিত মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
বিটিচিৰ বাজেট অধিবেশন আৰম্ভঃ প্ৰমোদ বড়োৱে দাখিল কৰিলে বাজেট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in