ডিজিটেল সংবাদ, চিৰাংঃ কোচ ৰাজবংশী জনগোষ্ঠীৰ চহকী কলা সংস্কৃতি তথা পৰম্পৰাগত নৃত্য-গীত সমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠাত কৰাৰ লক্ষ্যৰে দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছে কমতাপুৰ কোচ ৰাজবংশী আৰ্টিষ্ট চচাইটিৰ উদ্যোগত এই বেলি চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ হেকইপাৰাত ৭ আৰু ৮ চেপ্টেম্বৰ দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হব তৃতীয় সংখ্যক কমতা মিউজিক ফেষ্টিভেল।
সেই উদ্দেশ্যেৰে ইতিমধ্যেই এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। উল্লেখযোগ্য যে এইবেলি বাসুগাঁৱৰ হেকইপাৰাত অনুষ্ঠিত হবলগীয়া কমতা মিউজিক ফেষ্টিভেলত বিশেষ আকৰ্ষণ থাকিব পাঁচ শতাধিক কোচ ৰাজবংশী জনগোষ্ঠীয় যুৱতী-মহিলাই সমূহীয়া লোকনৃত্য পৰিৱেশন কৰিব।
তাৰ বাবে বিগত ২০ দিন পাঁচ গৰাকী অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা নৃত্য প্ৰশিক্ষন দিয়া হয় । উক্ত সমূহীয়া লোকনৃত্যৰ প্ৰশিক্ষনত বাসুগাঁৱৰ উপৰি কোকৰাঝাৰ, বঙাইগাঁও জিলাৰ পৰাও যুৱতী সকলে আহি অংশগ্ৰহণ কৰিছে । আজি হেকইপাৰাস্থিত অস্থায়ী কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি কমতা মিউজিক ফেষ্টিভেলৰ কাৰ্যকৰী সভাপতি ব্ৰজেন ৰায়ে জানিব দিয়া মতে উক্ত অনুষ্ঠানত উপস্থিত থাকিব কমতাপুৰ অটোনোমাছ কাউঞ্চিলৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱেশ ৰায়, বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, কোচ ৰাজবংশী ডেভেলপমেন্ট কাউঞ্চিলৰ চেয়াৰমেন প্ৰনৱ নাৰায়ণ দেৱ, কমতাপুৰ অটোনোমাছ কাউঞ্চিলৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, কমতাপুৰ অটোনোমাছ কাউঞ্চিলৰ পাৰিষদ কৰ্মেশ্বৰ ৰায়, বিজেপি দলৰ বিটিআৰৰ ই, এম অৰূপ কুমাৰ দে, কোচ ৰাজবংশী জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্ব বৃন্দ আদিৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীয় বুদ্ধিজিৱী সকল উপস্থিত থাকিব।
আনহাতে উক্ত সংবাদ মেলতেই কমতা মিউজিক ফেষ্টিভেল উদযাপনৰ সমিতিৰ সাধাৰণ সম্পাদক ডিজেল্ভ কোচে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে এই বেলি জিলা খনৰ হেকইপাৰাত অনুষ্ঠিত কামতা মিউজিক ফেষ্টিভেলৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকিব বহিঃৰাষ্ট্ৰ নেপালৰ জনপ্ৰিয় কন্ঠ শিল্পী মেলিনা ৰাই। ৰাষ্ট্ৰীয় পৰ্যায়ত গীত পৰিবেশনেৰে খ্যাতি লাভ কৰা কন্ঠ শিল্পী মেলিনা ৰাইয়ে গীত পৰিৱেশনেৰে অঞ্চল খনৰ ৰাইজক ৰোমাঞ্চিত কৰি তুলিব বুলিও তেওঁ কয়।
অনুষ্ঠানত কন্ঠ শিল্পী মেলিনা ৰাইৰ লগতে উপস্থিত থাকিব কোচ ৰাজবংশী জনগোষ্ঠীৰ জনপ্ৰিয় কন্ঠ শিল্পী জনৰঞ্জন বৰ্মন, হিমাদ্ৰী, কল্লোল,তা পস কোচ আদিৰ লগতে অৰ্ধ শতাধিক শিল্পী উপস্থিত থাকি গীত পৰিৱেশন কৰিব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে কামতা মিউজিক ফেষ্টিভেলৰ সাধাৰণ সম্পাদক ডিজেল্ভ কোচে। অনুষ্ঠানটো সুচাৰু ৰূপত চলাই নিয়াৰ বাবে অঞ্চল খনৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে কমতা মিউজিক ফেষ্টিভেলৰ সভাপতি সম্পাদক দ্বয় ব্ৰজেন ৰায় আৰু ডিজেল্ভ কোঁচে।
Also Read: শিৱসাগৰত কৰ্ণাটক আৰক্ষীৰ অভিযানঃ দুই চাইবাৰ অপৰাধীক আটক...