'কনকলতা বিশ্ববিদ্যালয়'ৰ স্থান বিতৰ্ক : উপযুক্ত ক্ষতিপুৰণ নাপালে মাটি এৰি নিদিয়াৰ হুংকাৰ একাংশৰ

'কনকলতা বিশ্ববিদ্যালয়'ৰ স্থান বিতৰ্ক : উপযুক্ত ক্ষতিপুৰণ নাপালে মাটি এৰি নিদিয়াৰ হুংকাৰ একাংশৰ
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ ৪ নং লাটৰ অফৰাখাটত থকা মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ লাখেৰাজ ভূমিত ভোগ দখল কৰি থকা স্থানীয় একাধিক ৰায়তীয়ে প্ৰস্তাৱিত "কনকলতা বিশ্ববিদ্যালয়" স্থাপনৰ বাবে উপযুক্ত হোৱাকৈ বহু পৰিমাণৰ মাটি স্ব-ইচ্ছাই এৰি দিয়াৰ পাছত অফৰাখাট গাঁৱৰ মুষ্টিমেয় একাংশ লোকে মঙলবাৰে এখন সংবাদ মেল সম্বোধন কৰি "উপযুক্ত ক্ষতিপুৰণ নাপালে মাটি এৰি দিয়া নহ'ব" বুলি হুংকাৰ দিয়াৰ পিছত এতিয়া ইয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে স্থানীয় ৰাইজ।

স্থানীয় বিজেপি নেতা বুবুল নাথ আৰু শিক্ষক পৰমা নাথৰ লগতে অফৰাখাটৰ মুষ্টিমেয় কেইজনমান লোকৰ নেতৃত্বত অফৰাখাট ৰংগমঞ্চত মঙলবাৰে অনুষ্ঠিত সংবাদ মেলখনে "কনকলতা বিশ্ববিদ্যালয়" স্থাপনৰ বিষয়টোৰ ক্ষেত্ৰত এক নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰি ক্ষোভত ফাটি পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন।এই নেতিবাচক কথা-বাৰ্তাক লৈ বিশেষকৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্ববিদ্যালয়খনক লৈ আশাৰ সপোন দেখা যুৱ প্ৰজন্মৰ মাজত। এইক্ষেত্ৰত স্বয়ং অফৰাখাটৰ বহু যুৱকে "কনকলতা বিশ্ববিদ্যালয় আমাক লাগে" বুলি মুকলিকৈ ফেচবুক পোষ্ট লিখি সামাজিক মাধ্যম উপচাই পেলোৱা পৰিলক্ষিত হৈছে।

বীৰাংগনা কনকলতা বৰুৱাৰ মহান ত্যাগক মূল্যাংকন কৰিব নজনা মুষ্টিমেয় একাংশ লোকে উপযুক্ত ক্ষতিপূৰণ নাপালে মাটি এৰি নিদিয়াৰ হুংকাৰ দি অঞ্চলটোৰ পৰিৱেশ অস্থিৰ কৰি তোলা বিষয়টোক কেন্দ্ৰ কৰি এতিয়া প্ৰতিবাদৰ জোঁৱাৰ উঠিছে বৃহত্তৰ অঞ্চলটোত। এইক্ষেত্ৰত অফৰাখাটৰ স্থানীয় যুৱক বিকাশ নাথে সামাজিক মাধ্যমত মুকলিকৈ "কনকলতা বিশ্ববিদ্যালয়"ৰ সমৰ্থনত উল্লেখ কৰি কয় "অফৰাখাট গাওঁৰ মই বিকাশ নাথ।মোৰ কোনো চৰকাৰী চাকৰি নাই। মোৰ অফৰাখাট পথাৰতে ৩ বিঘা খেতি মাটি আছে আৰু আমাৰ পৰিয়ালৰ বছৰি ভাত তাৰ পৰা পাওঁ | তথাপিও মই আৰু মোৰ দাদায়ে নিজ মনেৰে কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ বাবে ভুমি দান কৰিবলৈ ওলাই আহিছো। এদিন আমি থাকোনে নাই নাজানো! মাত্ৰ আমি থকা ঠাই কন জাকত জিলিকা হওক।তেওঁ নিজৰ প্ৰাণ দিলে। আমি তেওঁৰ বাবে ইমানো দান কৰিব নোৱাৰিম নে ? হাত ভৰি সকলো আছে গতিকে আমি নৱপ্ৰজন্ময়ে খেতিৰ বাহিৰেও বেলেগ কাম কৰিব পাৰিম"।

বিকাশ নাথৰ এই ফেচবুক পোষ্টৱে বিশেষ ভাৱে চৰ্চা লাভ কৰিছে বৃহত্তৰ অঞ্চলটোত।স্থানীয় শতাধিক যুৱকে তেওঁৰ এই পোষ্টটোত সমৰ্থন জনাই বিশ্ববিদ্যালয়খন উক্ত ভূমিত স্থাপন হোৱাৰ পক্ষে নিজৰ নিজৰ মন্তব্য লিখা পৰিলক্ষিত হৈছে। বিকাশ নাথৰ দৰে বিশ্ববিদ্যালয়খনক লৈ সোণালী দিনৰ সপোন দেখা অফৰাখাট গাঁৱৰ বহু যুৱকে সামাজিক মাধ্যম যোগে ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি উক্ত ভূমিত কনকলতা বিশ্ববিদ্যালয়খন হৈ উঠাৰ ক্ষেত্ৰত সকলোকে নি:স্বাৰ্থ ভাৱে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে।

বিশ্ববিদ্যালয়খনৰ স্থান যদি সলনি হ'বলৈ হয় নতুন প্ৰজন্মৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একোৱেই হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে বৌদ্ধিক মহলে। ইপিনে গৰৈমাৰীৰ যুৱক কালি দাস প্ৰধানে ৫ বিঘা আৰু ঘাঁহিগাঁৱৰ যুৱক চিন্ময় মহন্তই ১০ বিঘা ম্যাদী মাটি কনকলতা বিশ্ববিদ্যালয়ৰ বাবে স্ব-ইচ্ছাই আগবঢ়োৱা বুলি জানিব পৰা গৈছে। সত্ৰৰ মাটি এৰি দিয়াৰ পিছত কোনো কৃষক যদি কৃষি ভূমি হীন হয় তেনে কৃষকক সকাহ দিয়াৰ বাবে উক্ত দুই যুৱকে আগবঢ়াইছে তেওঁলোকৰ ম্যাদী মাটি।

বিশ্ববিদ্যালয়খনৰ স্বাৰ্থত এফালে নিজৰ ম্যাদী দান দি মহানুভৱতা প্ৰকাশ আৰু আনফালে ক্ষতিপুৰণ নাপালে মাটি এৰি নিদিয়াৰ হুংকাৰ দি সমগ্ৰ ব্যৱস্থাটোক অন্য দিশলৈ নিব বিচৰা এই ঘটনা পৰিঘটনাই গভীৰ ৰহস্যজনক কৰি তুলিছে সমগ্ৰ পৰিৱেশ।

'কনকলতা বিশ্ববিদ্যালয়'ৰ স্থান বিতৰ্ক : উপযুক্ত ক্ষতিপুৰণ নাপালে মাটি এৰি নিদিয়াৰ হুংকাৰ একাংশৰ
পুনৰ চিকিৎসকৰ অৱহেলা : প্ৰসূতিৰ অকাল মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in