বকলীয়াঘাটত শিক্ষকৰ ৫ দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি...

নিপুণ অসমৰ Foundational Literacy and Numeracy ৰ পাঁচ দিনীয়া প্ৰশিক্ষণ সম্পন্ন
বকলীয়াঘাটত শিক্ষকৰ ৫ দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি...
বকলীয়াঘাটত শিক্ষকৰ ৫ দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি...
Published on
Updated on

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটস্থিত টাউন জনতা হিন্দী হাইস্কুলৰ প্ৰেক্ষাগৃহত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে বুনিয়াদী সাক্ষৰতা আৰু সাংশিকতা নিপুণ অসমৰ অধীনত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ FLN(Foundational Literacy and Numeracy) ৰ পাঁচ দিনীয়া প্ৰশিক্ষণ শিবিৰ শুকুৰবাৰে সামৰণি পৰিছে ।

লাংছমেপি শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত অনুষ্ঠিত হোৱা এই FLN ৰ পাঁচ দিনীয়া প্ৰশিক্ষণত ১২০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ কেন্দ্ৰত ডিফুৰ পৰা অহা FLN ৰ Consultant বাৰিথে টিমুং আৰু KRP হিচাপে ৰাজীৱ ইংতি উপস্থিত থাকি শিক্ষকসকলে প্ৰদৰ্শন কৰা TLM সমূহ পৰ্যবেক্ষণ কৰে ।

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাবে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে গোলাপ বাগলাৰী, অনুকুল চক্ৰৱৰ্তী,দিবান হাকমাউচা, মহেশ্বৰ দাস, অচিন্ত হাজৰিকা আৰু ওম প্ৰকাশ চৌহানে। সমল ব্যক্তিসকলে জানিবলৈ দিয়া অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে পুনৰ দ্বিতীয় পৰ্যায়ত আন এটা শিক্ষক গ্ৰুপক FLN ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ।

বকলীয়াঘাটত শিক্ষকৰ ৫ দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি...
নাৰী নিৰ্যাতনৰ বিৰুদ্ধে বটদ্ৰৱাত মহিলাৰ বৃহৎ সমদল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in