হাওৰাঘাটৰ দেৱস্থান আৰোগ্য হাস্পতালত সংযোজন প্ৰসূতি ৰোগৰ চিকিৎসা সেৱা...

হাওৰাঘাটৰ দেৱস্থান আৰোগ্য হাস্পতালত সংযোজন প্ৰসূতি ৰোগৰ চিকিৎসা সেৱা...
হাওৰাঘাটৰ দেৱস্থান আৰোগ্য হাস্পতালত সংযোজন প্ৰসূতি ৰোগৰ চিকিৎসা সেৱা...
Published on
Updated on

ডিজিটেল সংবাদ হাওৰাঘাটঃ বিগত দুটা বছৰ ধৰি বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ২৪ ঘণ্টাই চিকিৎসা সেৱা আগবঢ়ায় অহাৰ সময়তেই উক্ত দেৱস্থান আৰোগ্য হাস্পতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত নতুনকৈ সংযোজন কৰা হৈছে প্ৰসূতি ৰোগৰ চিকিৎসা সেৱা । আনহাতে বিগত ২৭ বছৰ ধৰি প্ৰসূতি ৰোগৰ চিকিৎসা সেৱা প্ৰদান কৰি অহা হোজাইৰ প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ সুমিত দাসে দেৱস্থান আৰোগ্য হাস্পতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত নতুনকৈ সংযোজন কৰা প্ৰসূতি চিকিৎসা বিভাগৰ ৱাৰ্ডটোৰ শুভ উদ্বোধন কৰে ।

লগতে দেৱস্থান আৰোগ্য হাস্পতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ সুমিত দাসে প্ৰত্যেক সপ্তাহৰ বুধবাৰে প্ৰসূতি ৰোগৰ চিকিৎসা সেৱা প্ৰদান কৰিব । উক্ত শুভাৰম্ভৰ অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে দেৱস্থান আৰোগ্য হাস্পতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ মেনেজিং ডাইৰেক্টৰ ছাইদুল আলম মজুমদাৰ, ডাঃ শ্বৰীফ মহচিন, শিশু ৰোগ বিশেষজ্ঞ ডাঃ জেনিফাৰ মজুমদাৰ, মেডিচিন বিশেষজ্ঞ ডাঃ কাৰিশ্মা দাসৰ লগতে দেৱস্থান আৰোগ্য হাস্পতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰসমূহ কৰ্মচাৰী উপস্থিত থাকে ।

হাওৰাঘাটৰ দেৱস্থান আৰোগ্য হাস্পতালত সংযোজন প্ৰসূতি ৰোগৰ চিকিৎসা সেৱা...
শতবৰ্ষ গৰকা সত্যকৃষ্ণ মিশ্ৰৰ বেহেলাৰ সুৰে মন্ত্ৰ মুগ্ধ কৰিলে সংগীতপ্ৰেমীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in