সংগীত শিল্পী হুৰচি তাঁতীৰ বিয়োগত বকলীয়াঘাটত শোকৰ ছাঁ...

বহু দল, সংগঠনৰ শোক প্ৰকাশ
সংগীত শিল্পী হুৰচি তাঁতীৰ বিয়োগত বকলীয়াঘাটত শোকৰ ছাঁ...
সংগীত শিল্পী হুৰচি তাঁতীৰ বিয়োগত বকলীয়াঘাটত শোকৰ ছাঁ...
Published on
Updated on

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত হাতীদণ্ডী গোপাল গোৱালা (ৰজাপথাৰ)গাঁৱৰ বিশিষ্ট সংগীত শিল্পী তথা গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হুৰচি তাঁতীৰ সোমবাৰে নিশা ১১.৩০ বজাত জটিল ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু হোৱাত বকলীয়াঘাট অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। সংগীত শিল্পী হুৰচি তাঁতী আদিবাসী জনগোষ্ঠীৰ লগতে সকলোৰে বাবে এগৰাকী জনপ্ৰিয় সংগীত শিল্পী হিচাপে সুপৰিচিত আছিল।

'অস্তিত্বৰ সময়'ৰ কবি লক্ষেশ্বৰ শৰ্মাই হুৰচি তাঁতীৰ সংগীত প্ৰতিভাৰ সন্দৰ্ভত কাকতত 'তুমিটো নহয় কাগজৰ ফুল' শীৰ্ষক শিৰোনামেৰে এক লেখা লিখিছিল। তাৰ পিছৰে পৰা হুৰচি তাঁতীয়ে পিছলৈ নোচোৱাকৈ জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী, শান্তা উজীৰ, ৱাৰী ৰংফাৰপী, ছাজন নায়ক, অনামিকা তাঁতী, চুবিৰ বাৰ্গ আদি বহু জনপ্ৰিয় কণ্ঠশিল্পী সৈতে একেলগে সংগীত পৰিৱেশন কৰিছিল।

জনপ্ৰিয় সংগীত শিল্পী গৰাকীয়ে 'উৰণী উৰাকে চলো' কেছেটত আৰু আদিবাসী জনগোষ্ঠীৰ 'ৰামধেনুৰ সুৰ' কেছেটত কণ্ঠদান কৰে। তেওঁ কীব'ৰ্ড, হাৰমনিয়াম, তবলা, গীতাৰ আদি বহু কেইবিধ বাদ্য বজোৱাত পাৰ্গত আছিল ।

তেওঁ ইমানেই প্ৰতিভাশীলা আছিল যে কোনো এক অনুষ্ঠানত হাৰমনিয়াম বেয়া হৈ যোৱাৰ পাছত গছৰ পাত মুখত লৈ এক কৌশলেৰে সুৰ তুলি কোনো অসুবিধা নোহোৱাকৈ অনুষ্ঠান চলাই নিয়াৰো উদাহৰণ আছে। আনহাতে তেওঁ কাৰ্বি আংলং জিলা আদিবাসী কৰ্মচাৰী সন্থাৰ সাংস্কৃতিক সম্পাদকৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত আছিল ।

সংগীত শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই কবি লক্ষেশ্বৰ শৰ্মা, চিত্ৰ শিল্পী পিংকু বৰুৱা, কাৰ্বি আংলং জিলা আদিবাসী কৰ্মচাৰী সন্থাৰ সম্পাদক উজ্বল তাঁতী, হাওৰাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অনন্ত কুমাৰ নাথ, ৰাজকুমাৰ সৎনামী আদি বহু বিশিষ্ট ব্যক্তি তথা দল, সংগঠনৰ বিষয়ববীয়াসকলে সমবেদনা জ্ঞাপন কৰে।

৬২ বছৰ বয়সত মৃত্যুবৰণ কৰা শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত তিনিজন পুত্ৰ, চাৰিগৰাকী জীয়ৰী, নাতিনীকে প্ৰমুখ্য কৰি বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি গৈছে।

সংগীত শিল্পী হুৰচি তাঁতীৰ বিয়োগত বকলীয়াঘাটত শোকৰ ছাঁ...
আন্তঃজিলা জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত যোৰহাটৰ ২টা সোণ, ১টা ব্ৰঞ্জৰ পদক অৰ্জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in