ডিজিটেল সংবাদ, হাওৰাঘাট: খাদ্য সন্ধানত পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰ অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ নতুন কথা নহয় ৷ প্ৰতি বছৰে খেতিৰ সময়চোৱাত সুদূৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ জাক ওলাই আহি নিশা হাৱাইপুৰ অঞ্চলত উপদ্ৰৱ কৰে ৷
হাতীৰ কৰিদৰ পৰিণত হৈ পৰিছে হাৱাইপুৰ অঞ্চল ৷ যোৱা নিশাও ৮০-৯০ টা বন্যহস্তি ৰাজপথৰ মাজেৰে বিচৰণ কৰাত আতংকিত হৈ পৰে ৰাইজ ৷ উক্ত স্থানত খেৰণী বন বিভাগৰ সুৰক্ষা কৰ্মীৰ দল আহি উপস্থি হয় যদিও ৰাইজৰ খেতিপথাৰ ৰক্ষা কৰিব নোৱাৰে ৷ সেয়েহে হাবাইপুৰত কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰি মানুহৰ প্ৰাণৰ লগতে খেতিপথাৰ ৰক্ষা কৰিবলৈ বন বিভাগক আহ্বান জনাই কৃষক ৰাইজে ।