কাৰ্বি আংলং জিলাৰ অৱসৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া ৰবীন্দ্ৰ চন্দ্ৰ ব্ৰহ্মৰ দেহাৱসান

কাৰ্বি আংলং জিলাৰ অৱসৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া ৰবীন্দ্ৰ চন্দ্ৰ ব্ৰহ্মৰ দেহাৱসান
Published on
Updated on

ডিজিটেল সংবাদ,হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ ধেন্টাঘাট নিবাসী তথা জিলাৰ অৱসৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া ৰবীন্দ্ৰ চন্দ্ৰ ব্ৰহ্মই মঙলবাৰে ইহলীলা ত্যাগ কৰে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত ব্ৰহ্মই ৭৫ বছৰ বয়সত পত্নী অনু বড়ো, এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহ সংসাৰত এৰি যায়।

ধেন্টাঘাট মডেল ইংলিছ এ পি স্কুলৰ শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত অসম চৰকাৰৰ অধীনত ক্ৰীড়া বিভাগৰ শাৰীৰিক প্ৰশিক্ষক হিচাপে কাম কৰাৰ পিছতে পৰৱৰ্তী সময়ত হাফলঙত SDSO (Sub division District Sports Officer) দায়িত্ব পালন কৰিছিল।

পাছত পদোন্নতি হোৱাত কাৰ্বি আংলং জিলাৰ জিলা ক্ৰীড়া বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল। এইগৰাকী ব্যক্তিৰ মৃত্যুত ধেন্টাঘাট আৰু সমগ্ৰ লাংহিন অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে ।

কাৰ্বি আংলং জিলাৰ অৱসৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া ৰবীন্দ্ৰ চন্দ্ৰ ব্ৰহ্মৰ দেহাৱসান
চিন্তাৰ নাই কাৰণ ! ঘৰলৈ আহিবলৈ দিয়া হ’ল জুবিন গাৰ্গক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in