কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে'ৰ দেহাৱসান

অজিত কুমাৰ দে'ৰ মৃত্যুত বহু ব্যক্তিৰ শোক প্ৰকাশ
কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে'ৰ দেহাৱসান
কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে'ৰ দেহাৱসান
Published on
Updated on

ডিজিটেল সংবাদ হাওৰাঘাটঃ ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টিৰ এম এ চি তথা কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে'(৭৮)ৰ আজি দিনৰ প্ৰায় ১২ বজাত হৃদৰোগত আক্ৰান্ত হৈ বেংগালুৰুৰ নাৰায়ণ হাস্পতালত দেহাৱসান ঘটে। উল্লেখ্য যে, অজিত কুমাৰ দে' শাসকীয় বিজেপি দলৰ এগৰাকী জ্যেষ্ঠ নেতা তথা ডিফু চহৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত এগৰাকী সমাজসেৱক আছিল।

তেওঁ এগৰাকী ভদ্ৰ, অমায়িক আৰু হাঁহি মুখৰ ব্যক্তিত্বৰ অধিকাৰী আছিল। তেওঁৰ অকাল বিয়োগত হাওৰাঘাট আৰু ডিফুৰ ব্যক্তি, বিভিন্ন দল সংগঠনৰ লগতে সমগ্ৰ কাৰ্বি আংলং জিলাতে শোকৰ ছাঁ পেলাইছে।

ডিফুৰ বিশিষ্ট লেখক ভৱেন বৰুৱা, সাংবাদিক বৰছিং ৰংফাৰ, পংকজ ডেকা, হাওৰাঘাটৰ হাওৰাঘাট ভি ডি চিৰ অধ্যক্ষ বুদ্ধেশ্বৰ টেৰণ, সদস্য নিতুল কোচ, পিন্টু দত্ত, সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী, দেবেন কাকতি, মোলান লস্কৰ, কীৰ্তি গগৈ, দেবেন্দ্ৰ শৰ্মা, সজল দেৱ , মুনিন্দ্ৰ নাৰ্জাৰী, বাবুল নাথ, মুকুল নাথ আদি বহু লোকে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে'ৰ দেহাৱসান
২৩ বছৰীয়া ধাৰাবাহিকতাৰে বেবেজীয়া চাৰিআলিত দুৰ্গোৎসৱৰ প্ৰস্তুতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in