বোকাজানত ৩কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী

বোকাজানত ৩কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী। জব্দ বাহন

author-image
Asomiya Pratidin
New Update
বোকাজানত ৩কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী

ডিজিটেল সংবাদ, বোকাজানঃ পুনৰ বোকাজান মহকুমা আৰক্ষীৰ বৃহৎ সফলতা। এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত বোকাজান আৰক্ষী থানাৰ বিষয়া মঞ্জিত টেৰণ, খটখতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ লগতে ২০নং চি আৰ পি এফ বাহিনীয়ে যৌথ অভিযান চলাই খটখতি আৰক্ষী থানাৰ অন্তৰ্গত জনক পুখুৰীত অঞ্চলত।

আৰক্ষী বাহিনীটোৱে অভিযান চলাই এন এল ০৭ চি চি ০৬২৯ নম্বৰৰ এখন জিপচীত ৪৫টা চাবোনৰ বাকচত ৫৬৬গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰে জড়িত থকাৰ অপৰাধত জন থ্রো আৰু ৰাপু এলিয়া নামৰ দুটা সৰবৰাহকাৰীক আটক কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনৰ জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৩কোটি টকা।

Also Read: প্ৰবীণ সমাজহিতৈষী প্ৰতিভা গগৈৰ বিয়োগ

Assam police