কাৰ্বি আংলঙত জব্দ মাৰণাস্ত্র; আটক নতুন উগ্ৰপন্থী সংগঠনৰ দুই সদস্য

কাৰ্বি আংলঙত জব্দ মাৰণাস্ত্র; আটক নতুন উগ্ৰপন্থী সংগঠনৰ দুই সদস্য
Published on
Updated on

ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ কাৰ্বি আংলঙৰ মাঞ্জা তিনিআলিত চি আৰ পি এফ আৰু কাৰ্বি আংলং আৰক্ষীৰ অভিযান। অভিযানত এখন অল্ট’ বাহনৰ পৰা জব্দ কৰিছে মাৰণাস্ত্রসহ আপত্তিজনক নথি-পত্র। এই অভিযানত কাৰ্বি আংলঙৰ নতুন উগ্ৰপন্থী সংগঠন ইউনাইটেড পিপলচ্ ফ্ৰ'ণ্ট অৱ কাৰ্বি আংলঙৰ (UPFKL)ৰ ৪১খন লেটাৰ হেড জব্দ কৰা হৈছে।

তদুপৰি অভিযানকালত আৰক্ষীয়ে আটক কৰিছে সংগঠনটোৰ দুই সদস্যক। আটকাধীন দুই সদস্য হ'ল ৰাজেশ ফাংচ' আৰু সঞ্জয় ইংতি। উল্লেখ্য আৰক্ষীয়ে জব্দ কৰা মাৰণাস্ত্রসমূহৰ ভিতৰত আছে গোলা-বাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰ। য'ত সন্নিৱিষ্ট আছে এটা ৯ এম এম পিষ্টল, এটা পইণ্ট ২২ পিষ্টল, ৯জাঁই সক্রিয় গুলী, ৩টা হেণ্ড গ্রেনেড, ২টা ডিটেনেটৰ। আনহাতে আৰক্ষীয়ে আৰু অধিক মাৰণাস্ত্রৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।

কাৰ্বি আংলঙত জব্দ মাৰণাস্ত্র; আটক নতুন উগ্ৰপন্থী সংগঠনৰ দুই সদস্য
চতিয়াত ৩বাইক চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in