প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাং সোঁৱৰণী ফুটবল প্ৰতিযোগিতাঃ আৰনাম ফাৰ্ ক্লাৱৰ জয় লাভ

প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাং সোঁৱৰণী ফুটবল প্ৰতিযোগিতাঃ আৰনাম ফাৰ্ ক্লাৱৰ জয় লাভ
Published on
Updated on

ডিজিটেল সংবাদ,হাওৰাঘাট: ইংলেং গাঁও খেলপথাৰত প্ৰাক্তন কেবিনেট মন্ত্ৰী ছুম ৰংহাং সোঁৱৰণী প্ৰথম আন্ত ক্লাব ফুটবল লীগ চেম্পিয়নশ্বিপৰ আজি ফাইনেল খেল অনুষ্ঠিত হয়। ৰজাপথাৰ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত খেলত ইংলেং গাঁও আৰনাম ফাৰ্ ক্লাবে ধৰমতুল ফ্ৰেণ্ডছ ক্লাবক ট্ৰাইবেকাৰ পদ্ধতিৰে ৫-৪ গ'লৰ ব্যৱধানত পৰাভূত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত আক্ৰমণ প্ৰতি আক্ৰমণেৰে দুয়োটি দলে বিজয় সাব্যস্ত কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল যদিও সফল হ'ব নোৱাৰিবলে। খেলৰ অন্তত ৰজাপথাৰ ক্ৰীড়া সন্থাৰ সভাপতি শৰৎ পাটৰৰ পৌৰহিত্যত অনুষ্ঠিত বঁটা় প্ৰদান অনুষ্ঠানত কাৰ্যবাহী সদস্য মধুৰাম লেকেথেয়েই মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

লগতে প্ৰাক্তন কেবিনেট মন্ত্ৰী ছুম ৰংহাঙৰ পত্নী শিক্ষয়িত্ৰী অনুমাই তেৰাংপীয়ে উপস্থিত থাকি বিজয়ী আৰু পৰাজয়ী দলৰ মাজত প্ৰাইজমানি আৰু ট্ৰফীসমূহ বিতৰণ কৰে। আৰনাম ফাৰ্ ক্লাবৰ বিজয় ইংলেঙে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান, মংৱে ইংলেঙে শ্ৰেষ্ঠ গ'ল ৰক্ষক আৰু বাথৌ ক্লাবৰ জিউমা বড়োয়ে মুঠ ৯টা গ'লেৰে সৰ্বোচ্চ গ'লদাতাৰ সন্মান অৰ্জন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in