ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ খটখতি আৰক্ষী থানাৰ অন্তৰ্গত জনক পুখুৰীত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাস, খটখতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ উপৰিও থানাৰ কৰ্মচাৰীসকলৰ লগতে CRPF বাহিনীৰ সহযোগত শনিবাৰে চলিছিল ড্ৰাগছ বিৰোধী অভিযান।
উক্ত অভিযানত দুজনকৈ লোকৰপৰা ৮৭ টা প্লাষ্টিকৰ চাবোনৰ বাকচত ১.১৩২ কিলোগ্ৰাম নিষিদ্ধ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে হেৰ'ইন সহ মণিপুৰৰ সেনাপতি জিলাৰ এল পাভেই ডনী আৰু হ ঠৌ নামৰ দুজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে। জব্দকৃত হেৰ'ইন খিনিৰ বজাৰ মূল্য আনুমানিক ৮ কোটি হ'ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।
Also Read: গহপুৰত পথৰ ওপৰতে ভূই ৰুই প্ৰতিবাদ ৰাইজৰ...