PRC ক লৈ পশ্চিম কাৰ্বি আংলঙৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী পৰিছে ভীষণ সমস্যাত...

অসম চৰকাৰ আৰু ৰাজ্য চৰকাৰক খিলঞ্জীয়াৰ বাবে সূচল নীতি গ্ৰহণৰ বাবে আহ্বান
PRC ক লৈ পশ্চিম কাৰ্বি আংলঙৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী পৰিছে ভীষণ সমস্যাত...
PRC ক লৈ পশ্চিম কাৰ্বি আংলঙৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী পৰিছে ভীষণ সমস্যাত...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে থলুৱা খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণৰ কথা কৈ আহিছে। কিন্তু প্ৰকৃতাৰ্থত খিলঞ্জীয়াসকলৰ প্ৰতি চৰকাৰী শাসক যন্ত্ৰ কিমান দায়বদ্ধ সেয়া বিভিন্ন সময়ত চৰকাৰী নীতি, নিয়ম আৰু নিৰ্দেশনাতে ওলাই পৰে। শেহতীয়াকৈ মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে চৰকাৰে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ চমুকৈ পি আৰ চি বাধ্যতামূলক কৰিছে।

এই পি আৰ চি সংগ্ৰহৰ বাবে অফিচ, কাছাৰীত দৌৰাদৰি কৰি ভাগৰি পৰিছে একাংশ খিলঞ্জীয়া ছাত্ৰ-ছাত্ৰী। বিশেষকৈ পশ্চিম কাৰ্বি আংলং জিলাত ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া এক ডাঙৰ সমস্যা হৈ পৰিছে। উল্লেখযোগ্য যে, অনগ্ৰসৰ এই জিলাখনৰ গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চুবুৰীয়া নগাওঁ জিলাত বিভিন্ন লোকৰ ছত্ৰ-ছায়াত থাকি অধ্যয়ন কৰেহি।

এই ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ কোনো মাটিৰ ম্যাদী পট্টা নতুবা পি আৰ চিৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ নথকাৰ বাবে পি আৰ চি সংগ্ৰহ কৰিবলৈ যাওঁতে ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। অনলাইন যোগে পি আৰ চিৰ বাবে আবেদন কৰোঁতে জমা দিবলগীয়া নথি-পত্ৰৰ অভাৱ ভোগা পশ্চিম কাৰ্বি আংলং জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই গুৰুতৰ সমস্যাৰ প্ৰতি মন দিয়া নাই ৰাজ্য চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনে।

অনলাইন প'ৰ্টেলত পি আৰ চিৰ বাবে আবেদন কৰিবলৈ যিবোৰ নথিৰ কথা উল্লেখ আছে সেইবোৰৰ ভিতৰত দুকপী পাছপ'ৰ্ট ছাইজৰ ফটোগ্ৰাফ, মাটিৰ ৰাজহ দিয়াৰ প্ৰমাণ পত্ৰ, পাছপ'ৰ্ট, পৰিয়ালৰ সদস্যৰ পি আৰ চি, জন্মৰ প্ৰমাণ পত্ৰ, নিযুক্তিৰ প্ৰমাণ পত্ৰ, স্থায়ী বাসিন্দাৰ উপৰি পুৰুষৰ প্ৰমাণ পত্ৰ আদি। এই পি আৰ চিৰ বাবে ২০ টকা মাচুল ধাৰ্য কৰা হৈছে যদিও হাজাৰ টকা খৰচ কৰিও এনে প্ৰমাণ পত্ৰ সংগ্ৰহত ব্যৰ্থ হৈছে পশ্চিম কাৰ্বি আংলঙৰ একাংশ ছাত্ৰ-ছাত্ৰী।

এতিয়া যিহেতু অনলাইন যোগে সকলো হয় সেয়ে কাৰ্যালয় সমূহে এইবোৰৰ অবিহনে পি আৰ চি দিব নোৱাৰো বুলি গা এৰা দিছে সংশ্লিষ্ট বিষয়া, কৰ্মচাৰীয়ে। এনে এক পৰিস্থিতিত কাৰ্বি আংলং জিলাৰ পৰা বাহিৰলৈ ওলাই অহা অধ্য়য়নৰত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণ আৰু নামভৰ্তিত ভীষণ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।

যি সময়ত চৰকাৰী চাকৰিৰ বাবে পি আৰ চি নালাগে বুলি ন্যায়ালয়ে ৰায় দান কৰিছে সেই সময়ত পি আৰ চিৰ বাবে অধ্যয়নৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে এই ছাত্ৰ-ছাত্ৰীসকল। ভুক্তভোগী ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক পি আৰ চি প্ৰদানৰ ক্ষেত্ৰত খিলঞ্জীয়া নীতিৰ বাবে এক সূচল নীতি গ্ৰহণ কৰিবলৈয়ো আহ্বান জনাইছে।

PRC ক লৈ পশ্চিম কাৰ্বি আংলঙৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী পৰিছে ভীষণ সমস্যাত...
উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত ব্ৰহ্মপুত্ৰত কাৰ এই মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in