বৈঠালাংছ'ত হাতীৰ আক্ৰমণত যুৱক নিহতঃ উত্তেজিত ৰাইজে জ্বলাই দিলে বন বিষয়াৰ কাৰ্যালয়

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালংছৰ ছেকছ' পাহাৰত সংঘটিত হৈছে এক অঘটন। হাতী-মানুহৰ সংঘাতৰ ফলত মৃত্যু হৈছে এগৰাকী ২৮ বছৰীয়া যুৱক। নিহিত যুৱকজনৰ নাম ছাৰকিৰি ফুৰা। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
বৈঠাংলছ'ত হাতীৰ আক্ৰমণত যুৱক নিহতঃ উত্তেজিত ৰাইজে জ্বলাই দিলে বন বিষয়াৰ কাৰ্যালয়

ডিজিটেল সংবাদ খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালংছৰ ছেকছ' পাহাৰত সংঘটিত হৈছে এক অঘটন। হাতী-মানুহৰ সংঘাতৰ ফলত মৃত্যু হৈছে এগৰাকী ২৮ বছৰীয়া যুৱক। নিহিত যুৱকজনৰ নাম ছাৰকিৰি ফুৰা। 

উল্লেখ্যে যে, আজি বিয়লি প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে নিহত যুৱক ছাৰকিৰিয়ে ছেকছ' পাহাৰৰ দুৰ্গম অঞ্চলত আমৰলি পৰুৱা বাঁহ পাৰিবলৈ সোমাই গৈছিল। সেই সময়তে বন্য হাতীয়ে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু তেওঁৰ মৃত্যু হয়। 

ইফালে এই ঘটনাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। তেওঁলোকে প্ৰথমে স্থানীয় ছেকছ' আংলং খণ্ড বন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে আৰু পাছত কাৰ্যলয়টোত অগ্নি সংযোগ কৰে বুলি জানিব পৰপা গৈছে। এই অগ্নিকাণ্ডত বন বিষয়াৰ কাৰ্যালয় সম্পূৰ্ণৰূপে ভস্মিভূত হয়।

বৈঠালাংছ খেৰণি কাৰ্বি আংলং