মণিপুৰত কে চি পিৰ ৫সদস্যক গ্ৰেপ্তাৰ : অস্ত্ৰ-শস্ত্ৰসহ বাহন জব্দ

মণিপুৰত কে চি পিৰ ৫সদস্যক গ্ৰেপ্তাৰ : অস্ত্ৰ-শস্ত্ৰসহ বাহন জব্দ
Published on
Updated on

ডিজিটেল সংবাদ,শিলচৰ : মণিপুৰৰ বিষ্ণুপুৰ, কাকচিং, ইম্ফল পশ্চিম আৰু ইম্ফল পূব জিলাৰ প্ৰান্তীয় আৰু দুৰ্গম অঞ্চলত নিৰাপত্তা বাহিনীৰ তালাচী অভিযান অৱ্যাহত আছে। শুকুৰবাৰে সেনা-আৰক্ষীয়ে চলোৱা অভিযানত ৰাজহুৱা আৰু বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ধন দাবী কাৰ্যকলাপত জড়িতৰ অভিযোগত কে চি পিৰ ৫জন সদস্যক গ্ৰেপ্তাৰ কৰে।

ধৃত এই ৫সদস্যৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰসহ গোলা বাৰুদ জব্দ কৰে। আধুনিক মৰাণাস্ত্ৰ, ৪৮ গোলা-বাৰুদ,৭.৬২ এমুনিমেণ্ট চাৰ্জাৰ ক্লিপ,ম'বাইল হেণ্ডছেটৰ লগতে বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। ইফালে নগদ ২,০৯০ টকাসহ হুণ্ডাই আই-২০ নম্বৰ প্লেট বিহিন বাহন জব্দ কৰে।

মণিপুৰত কে চি পিৰ ৫সদস্যক গ্ৰেপ্তাৰ : অস্ত্ৰ-শস্ত্ৰসহ বাহন জব্দ
৫দিনীয়া কাৰ্য্যসূচীৰে দিহজাৰীত লক্ষ্মী পূজাৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in