ৰে'ল আৰক্ষীৰ কাণ্ডঃ ৰে'লত জব্দ কৰা অবৈধ গাঞ্জাৰে আৰম্ভ কৰিছে ব্যৱসায়...

ৰে'ল আৰক্ষীৰ কাণ্ডঃ ৰে'লত জব্দ কৰা অবৈধ গাঞ্জাৰে আৰম্ভ কৰিছে ব্যৱসায়

author-image
Asomiya Pratidin
New Update
ৰে'ল আৰক্ষীৰ কাণ্ডঃ ৰে'লত জব্দ কৰা অবৈধ গাঞ্জাৰে আৰম্ভ কৰিছে ব্যৱসায়...

ডিজিটেল ডেস্কঃ নিচাযুক্ত সামগ্ৰীৰ বেহা চলোৱাৰ অপৰাধত এইবাৰ আৰক্ষীৰ জালত খোদ ৰে’ল আৰক্ষী। শনিবাৰে কৰিমগঞ্জৰ বদৰপুৰত গাঞ্জাৰ বেহা চলোৱাৰ অপৰাধত বদৰপুৰ আৰক্ষীৰ এটা দলে আটক কৰিছে ৪ ৰে’ল আৰক্ষীক। লগতে ৰে’ল আৰক্ষীকেইজনৰ পৰা জব্দ কৰিছে ২১ কেজি গাঞ্জা।

ঘটনা অনুসৰি ৰে’ল আৰক্ষীকেইজনে বদৰপুৰ ষ্টেচনৰ পৰা জব্দ কৰিছিল বৃহৎ পৰিমাণৰ গাঞ্জা। পিছে উক্ত গাঞ্জাখিনি মালখানাৰ পৰিৱৰ্তে ধৃত ৰে’ল আৰক্ষীকেইজনে ৰাখিছিল নিজৰ কোৱাৰ্টাৰত। আৰু কোৱাৰ্টাৰৰ পৰাই গাঞ্জাৰ ব্যৱসায় চলাই আছিল ৪ ৰে’ল আৰক্ষীয়ে।

এই ঘটনাৰে জড়িত থকাৰ অপৰাধত বদৰপুৰ আৰক্ষীয়ে আটক কৰিছে ৩গৰাকী কনিষ্টবলসহ এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানক। আটকাধীন ৰে’ল আৰক্ষীকেইজন হ'ল সাগৰ মালাকৰ, অভিষেক চন্দ, জিগেশ্বৰ দাস।

Also Read: মথুৰাপুৰত শতাধিক গছপুলি ৰোপণেৰে জন্মদিন উদযাপন এটি শিশুৰ...

Assam police indian railway