ডিজিটেল সংবাদ,শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত বুজন পৰিমাণৰ অবৈধ বাৰ্মিজ চুপাৰী জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছে কামজঙ জিলাৰ বিভিন্ন এলেকাত অভিযান চলাই জব্দ কৰিছে ৭খন চুপাৰী ভৰ্তি শক্তিমেন ট্ৰাক।
ট্ৰাক কেইখনৰ পৰা ভালেসংখ্যক বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰা হয়। জব্দকৃত চুপাৰীৰ মুল্য প্ৰায় ৯ কোটি ১২ লাখ টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে।
উল্লেখ্য যে, চুপাৰীসমূহ ম্যানমাৰৰ পৰা সৰবৰাহ কৰা হৈছিল । চুপাৰীৰ সৈতে ৫জন সৰবৰাহকাৰীক আটক কৰা হয়।
Also Read: ড০ মেঘনা চৌধুৰীৰ “ৰঙ্গিলা দালানৰ মাটি” শীৰ্ষক দ্বিতীয়খন উপন্যাস উন্মোচন