ডিজিটেল সংবাদ, শিলচৰ: কৰিমগঞ্জত আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা ৭টা চোৰাং গৰু জব্দ কৰে। গৰু কেইটা জব্দ কৰাৰ লগতে ২জন চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।
আৰক্ষী সূত্ৰে জানিব পৰামতে, গোপন তথ্যৰ ভিত্তিত গিৰীশগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিশিকান্ত দে'ৰ নেতৃত্বত আৰক্ষী দল এটাই শুক্ৰবাৰে বাংলাদেশৰ সীমান্তৰ ছেডুলভাগ এলেকাত অভিযান চলাই জব্দ কৰে গৰু কেইটা। বাংলাদেশলৈ চোৰাংভাৱে লৈ যোৱাৰ পথত গৰু কেইটাক জব্দ কৰা হয়।
চোৰাং গৰু সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ২জন বেপাৰীকো আটক কৰিছে। ধৃত লোক ২জন হাইল্লাবজাৰৰ জমিৰ আলী আৰু দক্ষিণবন্দৰ ছাইদুল হুছেইন বুলি আৰক্ষীয়ে সদৰি কৰিছে। পিছত ধৃত সৰবৰাহকাৰী ২জনক কৰিমগঞ্জ সদৰ থানালৈ প্ৰেৰণ কৰা হয়।
ইফালে, জব্দ কৰা গৰু কেইটা বৰ্তমান এজন কৃষকৰ জিম্মাত ৰখা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীৰ সূত্ৰটোৱে ।
Also Read: বিজেপিক ভোট নিদিলে বিজয় উদযাপন হ'ব পাকিস্তানতঃ মধ্যপ্ৰদেশত বিজেপি নেতাৰ মন্তব্য...