ডিজিটেল সংবাদ ৰাতাবাড়িঃ কৰিমগঞ্জৰ গোবিন্দগঞ্জ বজাৰৰ পৰা আটক ভুৱা চিকিৎসকসহ দুই সহযোগী। আটকাধীন ভুৱা চিকিৎসকজনৰ নাম আলমন ছালমান।
জানিব পৰা মতে আলমন ছালমানৰ ঘৰ পাথাৰকান্দি সমষ্টিৰ আছিমগঞ্জৰ সমীপৰ মামখাল গাঁৱত। আলমনে নিজকে এগৰাকী এম বি বি এছ বুলি চিনাকি দি দীৰ্ঘদিন ধৰি এখন ফাৰ্মাচীত ৰোগীৰ চিকিৎসা চলাই আহিছিল।
সম্প্ৰতি কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ তৎপৰতাত জিলাখনত ভুৱা চিকিৎসকৰ বিৰুদ্ধে চলিছে অভিযান। ফলত সচেতন হৈ পৰিছে জিলাখনৰ সৰ্বসাধাৰণো। ফলতে বৃহস্পতবাৰে একাংশ স্থানীয় ৰাইজে এই ভুৱা চিকিৎসকজনৰ লগতে তেওঁৰ সহযোগী দেবাশীষ লৌধ আৰু ফয়জল এলাহিক আটক কৰি আৰক্ষীক গতাই দিয়ে।
তেওঁলোকক আটক কৰি দীৰ্ঘ সময় ধৰি সোধপোছ চলোৱাৰ পিছত আজি ৰাতাবাড়ি আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে মুখ খোলা নাই।
Also Read: পীযুষ হাজৰীকাৰ অখিল গগৈক প্ৰশ্ন- তৰুণ গগৈৰ মাটি-বাৰীক লৈ আপোনাৰ বৰ্তমানৰ স্থিতি কি?