ডিজিটেল ডেস্কঃ কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰত বিদ্যালয় চৌহদত হত্যাকাণ্ড। এগৰাকী মধ্যাহ্ণ ভোজনৰ ৰান্ধনীক নিৰ্মমভাৱে হত্যা কৰে এজনে। দেওবাৰে পোহৰলৈ আহিছে এই ঘটনা ।
হত্যাৰ অভিযোগ উত্থাপন হৈছে মহিলাগৰাকীৰ দেওৰেকৰ বিৰুদ্ধে। ৰামকৃষ্ণনগৰ থানা এলেকাৰ কালিনগৰৰ ১৭১ নং বিবেকানন্দ এল পি স্কুলত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। জানিব পৰা মতে, সেই বিদ্যালয়ৰ ৰান্ধনী মৌচুমী পালে বিদ্যালয় চৌহদত শিক্ষকৰ লগত কথা পাতি থাকোতে হঠাৎ অভিযুক্ত দৌৰি আহি চোকা অস্ত্ৰৰে আক্ৰমণ চলায় তেওঁৰ ওপৰত।
অভিযুক্ত পিংকু পালে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত মহিলাগৰাকী তেজেৰে লুতুৰি-পুতুৰি হৈ মাটিত পৰি যায়। পাছত চিঞৰ-বাখৰ শুনি স্থানীয়লোক মহিলাগৰাকীক হাস্পতাললৈ লৈ যায়। প্ৰথমে ৰাম কৃষ্ণনগৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হাইলাকান্দি চিকিৎসালয়লৈ নিয়াৰ সময়ত পথতে তেওঁৰ মৃত্য়ু হয়। খবৰ পোৱাৰ লগে লগে ৰামকৃষ্ণনগৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰি হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰে। লগতে অভিযুক্ত পিংকু পালক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। বৰ্তমানলৈকে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
Also Read: পুনৰ ১০০০ কোটি টকাৰ ঋণ ল'ব চৰকাৰে, লক্ষ্য ২৫,০০০ কোটিৰ