বনভোজ খাই উভতাৰ পথতেই ভয়ংকৰ পথ দুৰ্ঘটনা...

বনভোজ খাই উভতাৰ পথতেই ভয়ংকৰ পথ দুৰ্ঘটনা...
Published on
Updated on

ডিজিটেল ডেস্কঃ কৰিমগঞ্জৰ শনবিলত বনভোজৰ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। শনবিলৰ দেবদ্বাৰত পিকনিক খাই উভতাৰ সময়তে টাটা মেজিক বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ বাবে ৭ জনকৈ লোক আহত হয়।

তথ্য অনুসৰি হাইলাকান্দি জিলাৰ লক্ষ্মীশহৰৰ পৰা AS 24 AC -0780 নম্বৰৰ টাটা মেজিক খনেৰে ৮/৯ জনীয়া এটা বনভোজকাৰীৰ দল কৰিমগঞ্জ জিলাৰ শনবিলৰ দেবদ্বাৰত পিকনিক খাবলৈ গৈছিল । নিশা উভতি শৈলনগৰ গাঁৱলৈ অহাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই গ্ৰামীণ পথটোৰ প্ৰায় ২০ ফুট তলত বাগৰি পৰে বাহনখন ।

যাত্ৰীসকলৰ চিঞৰ-বাখৰ শুনি অঞ্চলটোৰ ৰাইজে আহি ঘটনাস্থলী পাই আৰু দেখে যাত্ৰীসকল পানীত পৰিছে। লগে লগে স্থানীয় লোকসকলে তেওঁলোকক উদ্ধাৰ কৰে। তাৰ পিছত কালিবাৰী থানাৰ আৰক্ষীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে ৰামকৃষ্ণ নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, দুজনৰ অৱস্থা সংকটজনক হোৱাত হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। আহত কেইজন হৈছে অমন গুপ্তা, চিন্টু ঘোষ, ৰাজীৱ সূত্ৰধৰ, প্ৰবীৰ ভট্টাচাৰ্য, ধীৰাজ দেবনাথ, ৰাজা পৰমানিক, আৰু কালাচান্দ ঘোষ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

বনভোজ খাই উভতাৰ পথতেই ভয়ংকৰ পথ দুৰ্ঘটনা...
শ্বেখ হাছিনাৰ লগত কি কথা পাতিলে প্ৰধানমন্ত্ৰী মোডীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in