পত্নীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীক...

পত্নীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীক...
Published on
Updated on

ডিজিটেল ডেস্কঃ কৰিমগঞ্জৰ নয়াবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পত্নীৰ প্রহাৰত মৃত্যু অজয় নাথ নামৰ এজনৰ। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি পত্নীয়ে শিলেৰে মৰিয়াই হত্যা কৰে স্বামীক। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ যো জা কৰিছে।

আৰক্ষীয়ে আটক কৰিছে পত্নী সুদীপা নাথক। অৱশ্যে কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্তৰ। তাৰ পাছতহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ কাৰণ।

পত্নীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীক...
গুৱাহাটী ডাবল মাৰ্ডাৰঃ আৰক্ষীয়ে পূৰ্ণাংগ চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰা বাবে জামিন লাভ অৰূপ ডেকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in