কটালতলীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি আৰু চেগুন কাঠ উদ্ধাৰ

কটালতলীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি আৰু চেগুন কাঠ উদ্ধাৰ
Published on
Updated on

ডিজিটেল সংবাদ,কৰিমগঞ্জঃ কৰিমগঞ্জ জিলা প্ৰশাসনে বজৰিচৰাৰ কনঠালাতলীত অভিযান চলাই যথেষ্ট সফলতা অৰ্জন কৰে। উক্ত অভিযানত চেগুন কাঠ ভৰ্তি মিনি ট্ৰাক এখনৰ লগতে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰে। লগতে সুতপাহৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহত এজন ব্যক্তিক আটক কৰে।

জানিব পৰা মতে, যোৱা কেইদিনমানৰ পৰা এটা বিশেষ ছিণ্ডিকেট চক্ৰই বাৰ্মিজ চুপাৰি দেশৰ বাহিৰলৈ সৰবৰাহ কৰি আহিছিল । এই সন্দৰ্ভত স্থানীয় ৰাইজে বৃহস্পতিবাৰে কটালতলী আৰক্ষীক অৱগত কৰে আৰু শুকুৰবাৰে এই বিষয়টো জিলা আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাসক জনায়।

শুকুৰবাৰে বিয়লি আৰক্ষী অধীক্ষক এ এছ পি প্ৰতাপ দাসৰ নিৰ্দেশত থানাৰ পৰিদৰ্শক অ' চি দীপক দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে সফলতা লাভ কৰে। আজিৰ দিনটোতে আৰক্ষীৰ দলটোৱে কনথালাটলি অঞ্চলৰ ৩টা ঘৰত অভিযান চলাই এটা ঘৰৰ পৰা বাৰ্মিজ চুপাৰি আৰু আন এটা ঘৰৰ পৰা চেগুন কাঠ উদ্ধাৰ কৰে।

ইফালে শনিবাৰে আৰক্ষীৰ দলটোৱে ফৈজুৰ ৰহমান আৰু আৰিফ উদ্দিনৰ ঘৰত অভিযান চলায়। ইয়াত ফৈজুৰ ৰহমানৰ ঘৰৰ পৰা ১৭৮ বস্তাত ৯ টন পৰিমাণৰ বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি জব্দকৃত চুপাৰিখিনি মূল্য প্ৰায় ২৫ লাখ টকা হ'ব।

কটালতলীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি আৰু চেগুন কাঠ উদ্ধাৰ
সপ্তমবাৰৰ বাবে বালিপৰাত জলপ্ৰলয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in