হোণ্ডা ভ্যেনু আৰু অটো'ৰ মাজত খুন্দাঃপথৰ পৰা চিতিকি গ'ল অটো'...

শিশুসহ ৫ জন লোকৰ মৃত্যু, কেইবাজনকো গুৰুতৰ অৱস্থাত হাস্পতালত ভৰ্তি

author-image
Asomiya Pratidin
New Update
হোণ্ডা ভ্যেনু আৰু অটো'ৰ মাজত খুন্দাঃপথৰ পৰা চিতিকি গ'ল অটো'...

হোণ্ডা ভ্যেনু আৰু অটো'ৰ মাজত খুন্দাঃপথৰ পৰা চিতিকি গ'ল অটো'...

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে কৰিমগঞ্জৰ নিলাম বজাৰ অঞ্চলৰ বেৰাজালত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত শিশুসহ ৫ জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অঞ্চলটোৰ অসম-ত্ৰিপুৰা সংযোগী ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন অটো আৰু হুণ্ডাই ভ্যেনু বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই কৰুণ ঘটনা সংঘটিত হয়।

ইয়াৰে দুৰ্ঘটনাগ্ৰস্ত ভ্যেনু বাহনখনৰ নম্বৰ এ এছ ১১ এছ ৮৩২৩ আৰু অটোখনৰ নম্বৰ এ এছ ০১ বিচি ২০১। দুৰ্ঘটনাৰ ফলত দুয়োখন বাহনত থকা মুঠ ৫ জন লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হৈছে।

তেওঁলোকক সংকটজনক অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নিহতসকলৰ ভিতৰত আছে অটো চালক ৰহুল আলম। ৰুহুলৰ ঘৰ পাথাৰকান্দিৰ চান্দখিৰা এলেকাত।

বাকী কেইজন ক্ৰমে জাহিদা বেগম, গুলজাৰ হুছেইন, জাহিদা বেগম আৰু জাহিদাৰ দুই বছৰীৰা পুত্ৰ সন্তান। এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে জাকাৰিয়া হুছেইন আৰু এজন অজ্ঞাত লোক।

স্মৰ্তব্য দুৰ্ঘটনাৰ পাছতে অটোখন ৰাজপথৰ পৰা খাৱৈত বাগৰি পৰাৰ ফলতে দুৰ্ঘটনাই গুৰুতৰ ৰূপ ধাৰণ কৰে। ইফালে দুৰ্ঘটনাৰ পাছতেই উত্তেজিত ৰাইজে অসম-ত্ৰিপুৰা সংযোগী ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে যদিও জিলাধিপতি মৃদুল কুমাৰ যাদৱৰ উপস্থিতিত ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ মুক্ত কৰা হয় ।

Also Read: বাজেটৰ প্ৰভাৱ শ্বেয়াৰ বজাৰতঃ চেঞ্চক্স হ্ৰাস পালে এক হাজাৰ পইণ্ট পৰ্যন্ত...

পথ দুৰ্ঘটনা