কাশ্মীৰৰ পৰা উদ্ধাৰ গোগামুখৰ নিৰুদ্দিষ্ট যুৱক ডিম্পুল...

কাশ্মীৰৰ পৰা উদ্ধাৰ গোগামুখৰ নিৰুদ্দিষ্ট যুৱক ডিম্পুল...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: গোগামুখৰ এগৰাকী কিশোৰ যোৱা প্ৰায় এটা বছৰ ধৰি নিৰুদিষ্ট হৈ থকাৰ পাছত পুনৰ স্বগৃহলৈ উভতি আহিছে । যুৱকজনৰ নাম ডিম্পুল ডেকা (১৮) ।  ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ তৎপৰতাত কিশোৰজনক  নিজ ঘৰলৈ উভতাই আনিবলৈ সক্ষম হল ।

ঘটনাৰ বিবৰণী অনুসৰি গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁওৰ নিবাসী জ্যোতিষ ডেকাৰ পুত্ৰ ডিম্পুল ডেকা যোৱা বছৰ ঘৰৰ পৰা নিৰুদ্দিষ্ট হৈছিল । ডিম্পুলৰ আত্মীয়ই এই সন্দৰ্ভত গেৰুকামুখ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি আৰক্ষীৰ মুখলৈ বাট চাইছিল ।

গেৰুকামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত ৰবি দাসে এইসন্দৰ্ভত তদন্ত চলাই যুৱকজনৰ অৱস্থিতিৰ তথ্য জম্মু কাশ্মীৰত লাভ কৰে । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবি দাসে এই সন্দৰ্ভত নিজববিয়া তদন্ত চলাই  জম্মু কাশ্মীৰৰ এটা পৰিয়ালৰ গ্ৰাসৰ পৰা কিশোৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । দেওবাৰে কিশোৰজনক গোগামুখৰ নিজা বাসগৃহত  উপস্থিত কৰাৰ পাছত দুৰ্ভগীয়া পৰিয়ালৰ হাতত অৰ্পণ কৰা হয় ।

প্ৰায় এটা বছৰৰ পাছত পিতৃ মাতৃ আৰু আত্মীয় স্বজনৰ মুখ দেখি উৎফুল্লিত কিশোৰজনে তেওঁৰ অজ্ঞাতে এনে ঘটনা সংঘটিত হোৱাৰ কথা ব্যক্ত কৰে। ইতিপূৰ্বে গেৰুকামুখ আৰক্ষী থানাত পঞ্জীভূত গোচৰৰ ভিত্তিত কিশোৰজনক যাবতীয় জেৰা সম্পন্ন কৰাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হয় ।

গেৰুকামুখ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবি দাসৰ এনে তৎপৰতাক একেমুখে স্বীকাৰ কৰি বীৰ লাচিত সেনা অসমৰ গোগামুখ আঞ্চলিক সমিতিৰ মুখ্য সচিবৰ লগতে সমূহ কৰ্মকর্তা আৰু ধৰ্মপুৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি ,সম্পাদক আৰু ধৰ্মপুৰ বিশিষ্ট বিক্তি সকলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰৰবি দাসৰ  সক্ৰিয়তাৰ শলাগ লয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in