ডিজিটেল সেৱা,কঠীয়াতলী: এতিয়া শৰৎ কালৰ বতৰ।সমগ্ৰ ৰাজ্যতে চলিছে এতিয়া শ্ৰী শ্ৰী কৃষ্ণ ৰাস ক্ৰীড়া আয়োজনৰ ব্যাপক প্ৰস্তুতি। তাৰ সমান্তৰালকৈ নগাওঁ কঠীয়াতলী ঐতিয্যমণ্ডিত ধৰ্মানুষ্ঠান শ্ৰী শ্ৰী বামুনি গোসাই থান প্ৰাংগনত বিগত বৰ্ষৰ দৰে এই বৰ্ষটো অহা ইং ২৬,২৭ আৰু ২৮, নবেম্বৰত তিনিদিনীয়া কায্যসুচিৰে আয়োজন কৰিছে এই ৰাস মহোৎসৱ।
এই উৎসৱৰ লগত সংগতি ৰাখি ৰাস পৰিচালনা সমিতিয়ে আৰাম্ভ কৰিছে আখৰা। অঞ্চলটোৰ প্ৰায় শতাধিক যুৱক, যুৱতী আৰু কন কন শিশু সকলে অংশগ্ৰহন কৰে এই কৃষ্ণ ৰাসৰ আখৰাত ।প্ৰশিক্ষকৰ ভংগীমা আৰু তালে তালে সকলোৱে যেন আনন্দত আত্মহাৰা হৈ এপাক নাচিলে জুমৰমুৰ আখৰাস্থলীৰ প্ৰাংগনত।
জানিব পৰা মতে এইবাৰ ১৩৩ তম বৰ্ষত ভৰি দিয়া এই ৰাস মহোৎসৱৰ তিনিদিনীয়া কায্যসুচিত সকলো ৰাইজৰ উপস্থিতি তথা অকুণ্ঠ সু দিহা পৰামৰ্শ একান্তভাবে কামনা কৰি উৎসৱ ভাগলৈ সাদৰৰে নিমন্ত্ৰন জনাইছে আয়োজক সমিতিয়ে।
Also Read: যুদ্ধ সমাপ্তিৰ ক্ষেত্ৰত আলোচনা প্ৰক্ৰিয়াক অগ্ৰাধিকাৰ দিয়াৰ আহ্বানম মোডীৰ