ডিজিটেল সেৱা,কঠীয়াতলী : মূৰৰ পৰা গেলিব ধৰিছে ৰাজ্যৰ শিক্ষা বিভাগ ৷ শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰে শিক্ষক সকলক স্কুটী প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে, কিন্তু শিক্ষাৰ মানদণ্ড উন্নত হোৱা নাই ।
উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰখনৰ শিক্ষা বিভাগত উন্নয়ন স্থবিৰ হৈ পৰিছে । জানিব পৰা মতে, কামপুৰৰ বৰহোলা প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষকৰে এতিয়া চলিছে পাঠদান। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ মুঠ ৫৪ জন ছাত্ৰ-ছাত্ৰীৰে ভৰপুৰ বিদ্যালয়খনত এজন শিক্ষকে পাঠদান কৰিবলগীয়া হোৱাত বিপাঙত পৰিছে অভিভাৱকসকল।
উল্লেখ্য যে ১৯৭৫চনতে স্থাপন হোৱা এই বিদ্যালয়খনত ৩জন শিক্ষক আছিল যদিও ২জন শিক্ষকে একক বদলিকৰণ পদ্ধতিৰে গৃহ জিলালৈ বদলি হৈ যোৱাৰ পিছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে শিক্ষকজনৰ লগতে ছাত্ৰ-ছাত্ৰীসকল। আনহাতে বৰহোলা প্ৰাথমিক বিদ্যালয়খনত থকা প্ৰধান শিক্ষকগৰাকীয়ে উচ্চ ৰক্তচাপত ভুগি বৰ্তমান তেওঁ অসুস্থ। ইফালে বিদ্যালয়খনত নতুন শিক্ষক নিযুক্তি দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ।
Also Read: পথ নিৰ্মাণৰ দাবীত গহপুৰত প্ৰতিবাদ