বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপনঃ ১০১ গছি বন্তি প্ৰজ্বলন...

বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপনঃ ১০১ গছি বন্তি প্ৰজ্বলন...

author-image
Asomiya Pratidin
New Update
বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপনঃ ১০১ গছি বন্তি প্ৰজ্বলন...

বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপনঃ ১০১ গছি বন্তি প্ৰজ্বলন...

ডিজিটেল সংবাদ বিশ্বনাথঃ অসমীয়াৰ বাপতিসাহোন তিনিটা বিহুৰ ভিতৰত কাতি বিহু বা কঙালী বিহুৰো আছে বিশেষ তাৎপৰ্য৷ অভাৱৰ কঠিন সময়তো সম্ভাৱনাৰ পোহৰ দেখা ধৈৰ্যশীল অসমীয়া জাতিৰ গভীৰ আশাবাদক প্ৰতিফলিত কৰে কাতি বিহু উদযাপনে।

কৃষি সম্পৰ্কীয়, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাসৰ সৈতে জড়িত এই পৱিত্ৰ বিহুটি ৰাইজৰ সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত তথা বিশ্বনাথ জিলা কৃষি বিভাগৰ সহযোগত বিশ্বনাথৰ গেৰুৱাবাৰী নামঘৰৰ প্ৰাংগণত আজি উলহ মালহেৰে উদযাপন কৰা হয়৷

এই অনুষ্ঠানত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিশ্বনাথ মহকুমা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ, সমাজকৰ্মী দিগন্ত ঘটোৱাৰসহ ভালেকেইজন বিষয়া, বিশিষ্ট অতিথি, কৃষি বিভাগৰ ন পুৰণি বিষয়া-কৰ্মচাৰী লগতে বিশ্বনাথ জৈৱিক এফ পি চি, গেৰুৱাবাৰী অঞ্চলৰ ৰাইজৰ আৰু জিলাখনৰ সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰে৷

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাজনো প্ৰগতিশীল কৃষককো বিভাগীয়ভাৱে সম্বৰ্ধনা জনোৱা হয় আৰু বিশ্বনাথ জিলাত চলি থকা কৃষি বিভিন্ন আঁচনিসমূহৰ বিষয়ে সজাগতা অনুষ্ঠান আয়োজন কৰাৰ উপৰিও কেইবাগৰাকী বিশিষ্ট সমাজ কৰ্মীকো সম্বৰ্ধনা জনোৱা হয় ।

সভাত উপস্থিত প্ৰায় তিনি শতাধিক লোকে পৰম্পৰা ৰক্ষা কৰি গেৰুৱাবাৰী গাঁৱৰ পথাৰত ১০১ গছি বন্তি প্ৰজ্বলন কৰা হয়।উল্লেখযোগ্য যে, অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী আজি গহপুৰ মকুমাৰ কৃষি বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত চাৰিঙীয়া খেল পথাৰতো বন্তি প্ৰজ্বলন কৰাৰ লগতে উলহ মালহেৰে কাতি বিহু উদযাপন কৰা হয়।

Also Read: ধূপধৰাত গোৱালপাৰা জিলা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু পালন...

বিশ্বনাথ কাতি বিহু