অসমীয়া প্ৰতিদিনৰ বাতৰিৰ প্ৰভাৱ: কাজিৰঙাৰত পুনৰ সক্ৰিয় হ'ল চেন্সৰ কেমেৰা...

অসমীয়া প্ৰতিদিনৰ বাতৰিৰ প্ৰভাৱ: কাজিৰঙাৰত পুনৰ সক্ৰিয় হ'ল চেন্সৰ কেমেৰা

author-image
Asomiya Pratidin
New Update
অসমীয়া প্ৰতিদিনৰ বাতৰিৰ প্ৰভাৱ: কাজিৰঙাৰত পুনৰ সক্ৰিয় হ'ল চেন্সৰ কেমেৰা...

ডিজিটেল সংবাদ, কাজিৰঙা : এতিয়াৰ পৰা কাজিৰঙাৰ মাজেৰে পাৰ হওঁতে সাৱধান হওঁক আপুনিও। ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক বেগেৰে গ'লে আপোনালৈও যাব ই-চালান ৷ অসমীয়া প্ৰতিদিন বাতৰিৰ পাছতে কাজিৰঙাত পুনৰ সক্ৰিয় হ'ল চেন্সৰ কেমেৰা। বিগত প্ৰায় তিনিমাহ ধৰি বিকল হৈ থকা চেন্সৰ কেমেৰাৰ বাতৰি সবিস্তাৰে প্ৰকাশিত হৈছিল অসমীয়া প্ৰতিদিনত।

বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৬ টাকৈ এনিমেল কৰিডৰত সংস্থাপন কৰা হৈছিল অত্যাধুনিক চেন্সৰ কেমেৰা। প্ৰায় ১৮ কোটি টকা ব্যয়েৰে অপটিকেল কেমেৰা, থাৰ্মল কেমেৰা, স্পীড চেন্সৰ, স্পীড ৰিডাৰকে আদি কৰি ২১ বিধ বিভিন্ন সামগ্ৰী প্ৰতিটো কৰিডৰতে সংস্থাপন কৰাৰ বাবে ২০১৮ চনত "Dithilogic" নামৰ হায়দৰাবাদৰ এটা কোম্পানীক দিয়া হৈছিল দায়িত্ব। কলিয়াবৰৰ ৰাঙলুৰ পৰা বোকাখাতৰ বৰজুৰিৰ মাজত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ স্পৰ্শকাতৰ ৬ টাকৈ এনিমেল কৰিডৰত গাড়ীৰ গতিবেগ ঘণ্টাত ৪০ কি.মি কৰাৰ অৰ্থে এই কেমেৰাসমূহ সংস্থাপন কৰা হৈছিল।

চেন্সৰ কেমেৰাসমূহ অটমেটিক নম্বৰ প্লেট ৰিক'গনাইজিং হোৱাৰ বাবে গাড়ীৰ নম্বৰপ্লেট চিনাক্ত কৰি পৰিবহণ বিভাগৰ জৰিয়তে জৰিমণা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই‌। যাৰ বাবে কাজিৰঙাত বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল গাড়ীৰ গতিবেগ। কেৱল ইমানেই নহয় এনিমেল কৰিডৰত সংঘটিত হোৱা যিকোনো গতিবিধি, দৃশ্য বন্দী হৈছিল এইসমূহ কেমেৰাত।

হায়দৰাবাদৰ কোম্পানীটোক চোৱাচিতা তথা মেৰামতিৰ বাবদ দিবলগীয়া বছৰেকীয়া ধন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মোকোলাই নিদিয়াৰ বাবেই প্ৰায় তিনিমাহ বিকল হৈ পৰি ৰৈছিল চেন্সৰ কোমেৰাসমূহ। এতিয়া পুনৰ কেমেৰাসমূহ সক্ৰিয় হোৱাত বন্যপ্ৰাণীৰ সুৰক্ষিত হ'ব বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Also Read: ৰাজ্যৰ অতিৰিক্ত শিক্ষকসকলৰ বাবে শিক্ষা সঞ্চালকালয়ে দিছে সুখবৰ...

kaziranga