কামৰ নমুনা! নিৰ্মাণৰ কেইটামান দিন পাছতেই ফাট মেলিছে কালভাৰ্টত

চলিত বৰ্ষৰে জুন মাহৰ ৫ তাৰিখে বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই ২০২২-২৩ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আচনিঁৰ অধীনত শ’লমৰা পথৰ পকীকৰণ কামৰ আধাৰশিলা কৰিছিল ৷

author-image
Asomiya Pratidin
New Update
কামৰ নমুনা! নিৰ্মাণৰ কেইটামান দিন পাছতেই ফাট মেলিছে কালভাৰ্টত

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত দুটা মাহ সম্পূৰ্ণ নৌহওতেই ফাট মেলিছে কেইবাটাও নৱনিৰ্মিত কালভাৰ্ট ৷ চলিত বৰ্ষৰে জুন মাহৰ ৫ তাৰিখে বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই ২০২২-২৩ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত শ’লমৰা পথৰ পকীকৰণ কামৰ আধাৰশিলা কৰিছিল ৷

২.৩৭ কিলোমিটাৰ পথছোৱাত নিৰ্মাণ কৰা হৈছিল কেইবাটাও কালভাৰ্ট ।নিৰ্মাণৰ দুটামাহ সম্পূৰ্ণ নৌহওতেই ইতিমধ্যে বৃহৎ ফাট মেলিছে লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা অধিকাংশ কালভাৰ্ট ৷

অতি নিম্ন মানদণ্ডৰ সামগ্ৰীৰে কালভাৰ্ট নিৰ্মাণৰ অভিযোগ যুৱ ছাত্ৰ পৰিষদৰ ৷ঠিকাদাৰৰ গাফিলতি তথা অধিক মুনাফা লাভৰ বাবে ফাট মেলা কালভাৰ্ট সমূহ পুনৰ নিৰ্মাণৰ দাৱী সংগঠনটোৰ ৷ইফালে উক্ত কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ প্ৰৱেশ বৰ্মনৰ ওপৰত ব্যৱস্থা লোৱাৰ আহ্বান সংগঠনটোৰ ৷

Also Read: আলফা(স্বাঃ)ৰ নামত ডকাইতি কাণ্ডঃ আটক স্বামী-স্ত্ৰীসহ আন এজন

ATUL BORA