ডিজিটেল সংবাদ, কাজিৰঙাঃ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে কাজিৰঙাৰ বাগৰী বনাঞ্চলৰ ডোঙ্গা বিলে ৷ চিতল মাছৰ জলকেলিৰ লগতে আপুনি একেলগে উপভোগ কৰিব পাৰিব কাজিৰঙাৰ প্ৰায়সমুহ বন্যজন্তুৰ বিচৰণ ৷
ডোঙ্গা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ এটা পৰিচিত নাম ৷ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ডোঙ্গাৰ নিৰিবিলি পৰিবেশে পুলকিত কৰি তোলে প্ৰতিজন পৰ্যটকৰ মন ৷ৰাষ্ট্ৰীয় উদ্যান খনৰ সেউজীয়া ঘাঁহনিৰ মাজত বিস্তৃৰ্ণ জলৰাশিৰে জিলিকি আছে ডোঙ্গা বিল ৷
ডোঙ্গা বিলৰ নিৰ্মল পানীত খলকনি তোলা চিতল মাছৰ জাকে দৃষ্টি নন্দন ৰূপ দিয়ে বিশাল জলাধাৰৰ ৷ ডোঙ্গা বিলৰ চৌপাশে মুকলি ঘাহঁনিত বিচৰণ কৰে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় সকলো প্ৰজাতিৰ বন্যজন্তুৱে ৷শীত কালত কাজিৰঙালৈ আগমন হোৱা পৰিভ্ৰমী পক্ষীৰ জাকেও শুভা বৰ্ধন কৰে ডোঙ্গা বিলৰ ৷ বলিউদ তাৰকা অক্ষয় কুমাৰৰ অনুদানেৰে মেৰামতি কৰা ডোঙা দৰ্শন চোড়াইও আন এক মাত্ৰা প্ৰদান কৰিছে বাগৰী বনাঞ্চলখনৰ ৷