ডিজিটেল সংবাদ, কাজিৰঙাঃ তিনিবছৰীয়া হ’ল জুনিয়ৰ কাৰ্তিক ৷একেলগে পৰমানন্দয়ো ভৰি দিলে চাৰিমাহত ৷ জুনিয়ৰ কাৰ্তিক আৰু পৰমানন্দ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘৰচীয়া হাতী ক্ৰমে ৰুক্মিনী আৰু বৰষাৰ সন্তান ৷
তিনিবছৰৰ পূৰ্বে বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাহাৰ লাইন কেম্পত মাতৃ ৰূক্মিনীয়ে জন্ম দিছিল কাৰ্তিকক ৷ সেই সময়ত ৰাষ্ট্ৰীয় উদ্যানখন বানত প্লাৱিত হোৱাৰ বাবে কাৰ্বি পাহাৰৰ নামনিৰ পাহাৰ লাইন বনশিবিৰলৈ নিয়া হৈছিল মাতৃ ৰুক্মিনীক ৷
ৰাষ্ট্ৰীয় উদ্যানখনত এটা সময়ত কৰ্মৰত কাৰ্তিক নামৰ হাতীটোৰ মৃত্যুৰ পাছত হাতীটোৰ স্মৃতিত ৰূক্মিনীয়ে জন্ম দিয়া পোৱালিটোৰ নাম ৰখা হয় জুনিয়ৰ কাৰ্তিক ৷ আনহাতে বৰষাৰ চাৰিমহীয়া সন্তান পৰমানন্দৰ আদৱকায়দা বোৰো হৈ পৰিছে আকৰ্ষণীয় ৷
পাহাৰৰ পৰা নমাই অনাৰ পাছতে পাৰ ভঙা আনন্দত বোকাৰ মাজত নিজকে বিলাই দিব বিচাৰে মৰম লগা দুয়োটা পোৱালীয়ে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বাঘৰ আক্ৰমণৰ পৰা নিৰাপদে ৰাখিবলৈ মাতৃ সহ জুনিয়ৰ কাৰ্তিক আৰু পৰমানন্দৰ লগত আন তিনিটা পোৱালি ৰখা হৈছে কাৰ্বি পাহাৰত ৷
তদুপৰি পাহাৰত হাতীৰ বাবে আছে পৰ্যাপ্ত লতাজাতীয় খাদ্য ৷ অৱশ্যে পাহাৰত ৰখা হাতীক খাদ্য হিচাপে উদ্যান কৰ্তৃপক্ষই যোগান ধৰে কল, বুট আদি সামগ্ৰী।
Also Read: চিৰাঙত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি