কাজিৰঙাৰ প্ৰেমত বিদেশী পৰ্যটক

কাজিৰঙাৰ প্ৰেমত মতলিয়া বিদেশী পৰ্যটক। কাজিৰঙাৰ নান্দনিক পৰিবেশত আহি আপোন পাহৰা হৈ পৰিছে জাৰ্মানীৰ এজন পৰ্যটক।

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ প্ৰেমত  বিদেশী পৰ্যটক

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ প্ৰেমত মতলিয়া বিদেশী পৰ্যটক। কাজিৰঙাৰ নান্দনিক পৰিবেশত আহি আপোন পাহৰা হৈ পৰিছে জাৰ্মানীৰ এজন পৰ্যটক। নাম য়েনচ পিটাচ।

কাজিৰঙাৰ অন্যতম এগ্ৰ টুৰিজিম ফাৰ্ম ৱাৰ্ন হৰ্ণ ৰাইন' কেম্পত নিশা অতিবাহিত কৰিছে বিদেশী পৰ্যটকজনে।প্ৰথমবাৰলৈ কাজিৰঙালৈ আহি কাজিৰঙাৰ নৈশৰ্গিক পৰিবেশত বিস্ময়াভিভূত পৰ্যটকগৰাকী।

ইতিমধ্যে তেওঁ চাৰিটাকৈ নিশা পাৰ কৰিছে ৱাৰ্ন হৰ্ণ ৰাইন' কেম্পত।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি বিগ ফাইভ অৰ্থাৎ গঁড়, হাতী, বনৰীয়া ম'হ, বাঘ, দলহৰিণৰ দৰ্শন লাভ কৰিছে য়নেচ পিটাচে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া বেজগাওৰ পৰ্যটন উদ্যোগী গোলাপ শিইকীয়াৰ ৱাৰ্ন হৰ্ণ ৰাইন' কেম্পে কৃষি পৰ্যটনৰ ক্ষেত্ৰত ইতিমধ্যে দেশী-বিদেশী পৰ্যটকৰ পৰা সমাদৰ লাভ কৰিছে।

কংক্ৰীটৰ পৃথিৱীৰ পৰা আতৰি সহজ-সৰল নিভাজ প্ৰাকৃতিক পৰিবেশত আহি সেয়েহ মন্ত্ৰমুগ্ধ হয় প্ৰতিগৰাকী পৰ্যটক। পৰ্যটনৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ কেৱল একক প্ৰচেষ্টাত গোলাপ শইকীয়াই আৰম্ভ কৰা এই কৃষি পৰ্যটন ফাৰ্ম এতিয়া বিদেশী পৰ্যটকৰ প্ৰথম পচন্দ।

Also Read: প্ৰথমে বন্ধুত্ব কৰি ভাৰত আহিবলৈ আহ্বান, পাছত দুুই নেপালী যুৱকক অপহৰণ

kaziranga national park