কলিয়াবৰত দুষ্প্ৰাপ্য পিপলি চেং মাছৰ অবৈধ সৰবৰাহ…

কলিয়াবৰত দুষ্প্ৰাপ্য পিপলি চেং মাছৰ অবৈধ সৰবৰাহ…

author-image
asomiyapratidin
New Update
কলিয়াবৰত দুষ্প্ৰাপ্য পিপলি চেং মাছৰ অবৈধ সৰবৰাহ…

ডিজিটেল সংবাদ,কলিয়াবৰ: বন্যপ্ৰানী আইনক অংগুষ্ঠ প্ৰদৰ্শনৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত অধুনালুপ্ত থলুৱা মাছৰ চোৰাং বেহাক লৈ এইবাৰ সৰব হৈছে চোৰাং ব্যৱসায়ী চক্ৰ ৷ দুষ্প্ৰাপ্য পিপলি চেং (ছানা বৰকা)মাছৰ অবৈধ সৰবৰাহত জড়িত এজন লোকক কলিয়াবৰৰ জখলাবন্ধাত স্থানীয় ৰাইজৰ সহযোগত কাজিৰঙা বন বিভাগে নিশা গ্ৰেপ্তাৰ কৰিছে ৷

বোকাখাটৰ পৰা গোপনে এঘাৰটা পিপলি চেং মাছ তেজপুৰলৈ বুলি সৰবৰাহ কৰি জখলাবন্ধাত নিশা উপস্থিত হোৱাৰ সময়তে সন্দেহ জনক অৱস্থাত স্থানীয় ৰাইজে মহম্মদ মাৰপ আলী নামৰ ব্যৱসায়ীজনক আটক কৰি কাজিৰঙাৰ বুঢ়াপাহৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীক চমজাই দিয়ে ৷ ইয়াৰ পিছতে দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দুই নং শিয়ালমাৰী নিৱাসী মহম্মদ মাৰপ আলীৰ বিৰুদ্ধে বন্যপ্ৰানী সুৰক্ষা আইনৰ অধীনতএটা গোচৰ ৰুজু কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে ৷

বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে,লুপ্তপ্ৰায় পিপলি চেং (ছানা বৰকা) মাছক কেন্দ্ৰ কৰি আন্তৰাষ্ট্ৰীয় এটি ব্যৱসায়ী চক্ৰ সৰব হৈ উঠিছে ৷ উল্লেখ্য যে , পাহাৰীয়া জান-জুৰিৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত লাভ কৰা দুষ্প্ৰাপ্য এই মাছ বিধৰ প্ৰতিটোৰ দাম আন্তৰাষ্ট্ৰীয় বজাৰত প্ৰায় সাতৰ পৰা দহ হাজাৰ টকা।

বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই লুপ্তপ্ৰায় এঘাৰটা মাছ কাজিৰঙাৰ পৰাই সৰবৰাহ ঘটিছে ৷ যদি সেয়া সচা হয় তেন্তে প্ৰশ্ন হ'ল বনকৰ্মীৰে গিজগিজাই থকা কাজিৰঙাৰ অন্তৰ্ভাগৰ পৰা দুষ্প্ৰাপ্য এই মাছ বিধৰ ওপৰত চোৰাং ব্যৱসায়ী চক্ৰৰ হাতোৰা পৰিল কেনেকৈ ? এই দুস্কাৰ্যত বন বিভাগৰ একাংশ বনকৰ্মীৰো হাত উজান থকাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ৷

Assam police assam forest department kaziranga forest