দীৰ্ঘদিন ধৰি কাজিৰঙাত কাছ বিক্ৰী কৰিলে বনকৰ্মীয়ে, অৱশেষত গ্ৰেপ্তাৰ...

ৰক্ষকেই যদি ভক্ষকৰ ভূমিকা পালন কৰে তেতিয়া কোনে নিৰাপত্তা দিব কাজিৰঙাৰ বন্যপ্ৰাণীক

author-image
Asomiya Pratidin
New Update
দীৰ্ঘদিন ধৰি কাজিৰঙাত কাছ বিক্ৰী কৰিলে বনকৰ্মীয়ে, অৱশেষত গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ, কাজিৰঙা : ৰক্ষকেই যদি ভক্ষকৰ ভূমিকা পালন কৰে তেতিয়া কোনে নিৰাপত্তা দিব কাজিৰঙাৰ বন্যপ্ৰাণীক ৷ ৭ টাকৈ কাছ ধৰি বিভাগীয় ৰোষত পৰিল তিনি বনকৰ্মী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুঢ়াপাহাৰ বনাঞ্চলৰ ঘটনা এয়া।

৭ টা কাছসহ আটক তিনি বনকৰ্মী। ধৃত বনকৰ্মী কেইজন চুবিন বাউৰি, কৰ্ণ বাউৰি আৰু ৰাম নায়ক। বুঢ়াপাহাৰ বনাঞ্চলৰ হাতী কেম্পত হাতীৰ মাউত হিচাপে কৰ্মৰত তিনিওজন। ইয়াৰে ৰাম নায়ক স্থায়ী বনকৰ্মী। আনহাতে, চুবিন বাউৰি আৰু কৰ্ণ বাউৰি অস্থায়ী বনকৰ্মী। বিগত প্ৰায় ১২ বছৰ ধৰি বুঢ়াপাহাৰ বনাঞ্চলত কৰ্মৰত আছিল তিনি বনকৰ্মী।

দীৰ্ঘদিন ধৰি কাজিৰঙাৰ কাছ ধৰি বাহিৰত বিক্ৰী কৰি আহিছিল ধৃত তিনি বনকৰ্মীয়ে। অৱশেষত ধৰা পৰিল তিনিওজন ৰক্ষকৰূপী ভক্ষক। বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত গোচৰ ৰুজু কৰা হৈছে তিনি বনকৰ্মীৰ বিৰুদ্ধে। এই আইনৰ অধীনত সাত বছৰ কাৰাদণ্ডৰ লগতে জৰিমনা বিহা হ'ব ধৃত তিনি বনকৰ্মীক৷ মঙ্গলবাৰে বিয়লি বনবিভাগে কলিয়াবৰ মহকুমা ন্যায়িক আদালত হাজিৰ কৰাব ধৃত তিনি বনকৰ্মীক।

Also Read: বিশিষ্ট অভিনেতা, সংগীত শিল্পী, প্ৰযোজক পুলক ফুকন আৰু নাই...

kaziranga