গাইড প্ৰশিক্ষণঃ উপস্থিত ভাৰত পৰ্যটনৰ আঞ্চলিক সঞ্চালক

গাইড প্ৰশিক্ষণঃ উপস্থিত ভাৰত পৰ্যটনৰ আঞ্চলিক সঞ্চালক
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ 'অসম তথা উত্তৰ-পূৱ পৰ্যটনৰ অন্যতম আকৰ্ষণ কাজিৰঙা পৰ্যটনত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ চৰকাৰৰ সদিচ্ছা তথা জনগণৰ সহযোগিতাৰ বাবেই কাজিৰঙা তথা উত্তৰ-পূৱৰ প্ৰাকৃতিক পৰ্যটনলৈ দেশী-বিদেশী পৰ্যটকৰ সোঁত বৈছে৷ পৰ্যটন উদ্যোগটোক অধিক ত্বৰান্বিত কৰিবলৈ আমি সকলোৱেই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি যোৱাৰ সংকল্প ল’ব লাগিব৷'- কাজিৰঙাৰ ডিফলু ৰিভাৰ ল’জত এবিএন ফাউণ্ডেচনৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা গাইড প্ৰশিক্ষণৰ কাৰ্যসূচীত দ্বিতীয় দিনা উপস্থিত থাকি এইদৰে কয় ভাৰত পৰ্যটনৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক সঞ্চালক অনিল ওৰায়ে৷

তেখেতে লগতে কয় যে, অহা ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বই উদযাপন কৰিব বিশ্ব পৰ্যটন দিৱস ৷ প্ৰকৃতি সুৰক্ষাক মূল হিচাপে লৈ এইবাৰ পৰ্যটন দিৱস উদযাপন কৰা হ’ব ৷ এনে প্ৰেক্ষাপটত আমি আমাৰ প্ৰকৃতি সুৰক্ষিত কৰি ৰাখি পৰ্যটন খণ্ডৰ উত্তৰণ আনিব পাৰো ৷ সঞ্চালক ওৰায়ে কয় যে, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ কৰিলে বিভিন্ন ধৰণে বছৰজোৰাকৈ পৰ্যটন কৰাৰ থল আছে ৷ যিটো অৰ্থনৈতিকভাৱে টনকিয়াল হোৱাৰ শুভ সময়ৰ ইংগিত হিচাপে বিবেচিত কৰিব পাৰি ৷ কাৰণ, সম্প্ৰতি ভাৰতবৰ্ষৰ পৰ্যটন উদ্যোগৰ লগত জড়িত থকা ৭.৩% লোকৰ পৰা পৰ্যটন উদ্যোগত জড়িতৰ সংখ্যা বৃদ্ধি কৰিব, যিয়ে নিবনুৱা সমস্যা কিছু পৰিমাণে হ'লেও হ্ৰাস কৰিব ৷ আনকি, ভাৰতৰ বৰ্তমান পৰ্যটন ক্ষেত্ৰৰ পৰা অহা বাৰ্ষিক আয় (Gross Domestic Product) ৬.২৩%ৰ নিশ্চিতভাৱে বৃদ্ধি হ'ব ৷ অৰ্থনৈতিক কাৰকৰ সমান্তৰালভাৱে কৃষ্টি-সংস্কৃতিৰে ভৰপূৰ ভাৰতৰ সাংস্কৃতিক উত্তৰণ সম্ভৱ হ'ব ৷ সাংস্কৃতিক উপাদানত লুকাই থকা সৌন্দৰ্য আৰু ঐশ্বৰ্যৰ প্ৰতিও গুৰুত্ব বৃদ্ধি পাব ৷ আনকি পৰ্যটনৰ বাবেই থলুৱা হস্তশিল্প বিকশিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে৷

ইপিনে কাজিৰঙাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা গাইড প্ৰশিক্ষণত অংশ লোৱা অৰ্ধশতাধিক উঠি অহা প্ৰজন্মৰ প্ৰতিনিধিয়ে সোমবাৰৰ পুৱা পাহাৰ বগাই চৰাই নিৰীক্ষণ কৰাৰ লগতে কাজিৰঙাৰ বুঢ়াপাহাৰৰ গজৰাজ ভিউ পইণ্টৰ কাষৰীয়া এলেকা চাফাই কৰে ৷ ইয়াৰ পাছতেই ডিফলু ৰিভাৰ ল’জৰ প্ৰশিক্ষণ শিৱিৰত গোলাঘাটৰ ডি আৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰাজীৱ বসুমতাৰীয়ে সৰীসৃপ আৰু উভচৰ প্ৰাণীৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সম্বন্ধে বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ ইয়াৰ পাছতে অৰ্কিড সম্বন্ধে গৱেষণা কৰা তথা অসমৰ লগতে বিভিন্ন স্থানত প্ৰশিক্ষণ আগবঢ়াই অহা ক্ষণজ্যোতি গগৈয়ে অৰ্কিড সম্বন্ধে বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ তেখেতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কোন কোন স্থানত অৰ্কিড কি অৱস্থাত পোৱা যায় সেই সম্বন্ধেও ব্যাখ্যা আগবঢ়ায় ৷ প্ৰশিক্ষাৰ্থীসকলক অডিঅ’-ভিজুৱেল পদ্ধতিৰে ঘন হাবিত কিয় অৰ্কিডৰ উপস্থিতি কম থকাৰ বিপৰীতে পথৰ দাঁতিত বেছিকৈ পোৱা যায় সেই সম্বন্ধেও ব্যাখ্যা আগবঢ়ায়৷

ক্ষণজ্যোতি গগৈয়ে কয় যে- বহু দেশী-বিদেশী পৰ্যটক তথা গৱেষক ছাত্ৰ, বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অৰ্কিড সম্বন্ধে জানিবৰ ইচ্ছা প্ৰকাশ কৰে, তেওঁলোকক কিছু শীতল অথচ পোনপটীয়া ৰ’দ পৰা স্থানত নিলেই অৰ্কিড দেখুৱাব পৰা যাব বুলি প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰে ৷ তেখেতে ডিফলু ৰিভাৰ ল’জৰ স্বত্বাধিকাৰ তথা কাজিৰঙাৰ প্ৰথমখন ব্যক্তিগত পৰ্যটন অতিথিশালা পূৰ্বৰ কামৰূপ কমপ্লেক্সৰ বৰ্তমানৰ স্বত্বাধিকাৰ আশিস ফুকনক ক্ষণজ্যোতি গগৈয়ে যুগুতাই উলিওৱা অৰ্কিড সম্বন্ধীয় এখন গৱেষণাধৰ্মী গ্ৰন্থ উপহাৰ দিয়ে ৷ পৰিৱেশকৰ্মী আবিদুৰ ৰহমানে আঁত ধৰা প্ৰশিক্ষণ শিৱিৰত ইয়াৰ পাছতেই পৰিৱেশকৰ্মী ড° মনচুন গগৈ আৰু দ্য কৰবেট ফাউণ্ডেচনৰ ডা° নবীন পাণ্ডেই প্ৰশিক্ষাৰ্থীসকলক নেচাৰ গাইড সম্বন্ধে প্ৰশিক্ষণ দিয়ে ৷ তদুপৰি শেহতীয়া বিশ্ব নদী দিৱস উপলক্ষে নৈপৰীয়া এটি এলেকা চাফচিকুণ কৰে প্ৰশিক্ষণকাৰীসকলে৷

গাইড প্ৰশিক্ষণঃ উপস্থিত ভাৰত পৰ্যটনৰ আঞ্চলিক সঞ্চালক
সমাজহিতৈষী ৰামমোহন চৌধুৰীৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in